- দেশৰ কে’বাখনো ৰাজ্যত সোমবাৰে বৃদ্ধি পালে ডিজেলৰ মূল্য ৷ প্ৰতি লিটাৰত ১০-১২ পইচাকৈ বৃদ্ধি পাইছে ডিজেলৰ । ইফালে আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৮০.৪৩ হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হয়গৈ ৮১.৬৪ টকা ৷
- দেশত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৪০ হাজাৰ ৪২৫ গৰাকী ব্যক্তি ৷ আনহাতে প্ৰাণ হেৰুৱাইছে ৬৮১ গৰাকী ব্যক্তি ৷ বৰ্তমান দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১১ লাখ ১৮ হাজাৰ ৪৩ গৰাকী ৷
- দিছপুৰৰ বিধায়ক অতুল বৰা আক্ৰান্ত হৈছে কৰ’নাত ৷ বিগত কেইবাদিনো ধৰি বিধায়ক অতুল বৰা আছিল হোম কোৱাৰেন্টাইনত । উল্লেখযোগ্য যে অতুল বৰাৰ পূৰ্বেও কেইবাগৰাকী বিধায়ক আক্ৰান্ত হৈছিল কৰ’নাত ৷
- ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ বৰ্তমানলৈ বানৰ কৱলত পৰিছে ৭০ লাখ লোক । ইফালে কাজিৰঙাৰ বানত ১১ টা গড়ে প্ৰাণ হেৰুৱাৰ লগতে ১১৩ টা বন্যজন্তুৱে প্ৰাণ হেৰুৱাইছে।
- ৰাজ্যৰ ৰাজভৱনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’নাই ৷ ৪ জুলাইত ৰাজভৱনক প্ৰশাসনে কনটেইনমেন্ট জ’ন ঘোষণা কৰাৰ পিছতো বৰ্তমান ৭০ জনৰ শৰীৰত ধৰা পৰিছে কৰ’না ৷
- গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে আনলক-১ ৷ এই সময়ত সমগ্ৰ ৰাজ্যত সোম আৰু মংগলবাৰে আন্তঃজিলা যাতায়ত অনুমতি প্ৰদান কৰিছে পৰিবহন বিভাগে । দুটা দিনৰ বাবে এই যাতায়ত অব্যাহত থকাৰ পিছত বুধবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়ত ৷
- কৰ’নাৰ সংহাৰী ৰূপ হ্ৰাস পোৱা নাই চীনত ৷ চীনৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা অনুসৰি দেওবাৰে দেশখনত ১৭ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ এই খবৰ পুনৰ আতংকিত কৰিছে চীনৰ জনগণক ৷