বেঁকীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে লোৱা হ’ব দীৰ্ঘম্যাদী আঁচনিঃ ৰণজিৎ কুমাৰ দাস

FB IMG 1595319183815

“বেঁকী নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে লোৱা হ’ব দীৰ্ঘম্যাদী আঁচনি৷ বানপানী কমি যোৱাৰ পিছতেই আমি এই বিষয়ত হাত দিম৷আমি ইতিমধ্যে জল সম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনা কৰিছোঁ ৷” এই মন্তব্য অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ ৷ ভূটানৰ কুৰিশ্বু জলবিদ্যুত প্ৰকল্পৰ পৰা বাগৰি অহা পানী আৰু ধাৰাষাৰ বৰষুণৰ বাবে প্ৰতিবছৰে কালৰূপ ধাৰণ কৰে বেঁকী নৈয়ে৷ যাৰ বাবে বছৰ বছৰ ধৰি দাঁতিকাষৰীয়া অঞ্চলত প্ৰচণ্ড বান আৰু গৰাখহনীয়াৰ সৃষ্টি হৈ আহিছে ৷

ইতিপূৰ্বে বেঁকীৰ বুকুত বহুলোকৰ ঘৰ-দুৱাৰ, কৃষিপথাৰ. বাৰী-বস্তি জাহ গৈ সৰ্বস্বান্ত হৈছে শতাধিক পৰিয়াল ৷ কিন্তু আজিলৈ বেঁকীৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো এখন চৰকাৰেই উচিত ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা নগ’ল৷ প্ৰতিবছৰে মন্ত্ৰী-বিধায়ক বেঁকীৰ পাৰলৈ আহে আৰু যায়, দি যায় উপায়ন্তৰ লোকসকলক কেবলমাত্ৰ ভোটবেংকৰ স্বাৰ্থত পুৰণিকলীয়া আশ্বাস ৷

তাৰ মাজতেই আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে নিজ সমষ্টিৰ আমগুৰি আৰু কেতেকীবাৰী অঞ্চলত বেঁকী নৈৰ গৰাখহনীয়াৰ বুজ লয়৷ গৰাখহনীয়া পৰিদৰ্শন কালত আজি সভাপতি গৰাকীক সংগ দিয়ে বৰপেটা সংমণ্ডলৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী, বিজেপিৰ চকচকা ব্লক মণ্ডলৰ সভাপতি সম্পদ দাস আদিয়ে ৷ একেদৰে কালি পুৱাৰ ভাগত বেঁকীপৰীয়া শালবাৰী মহকুমাৰ চূণবাৰী, বিশপানী, এলেঙামাৰী, খাগ্ৰাবাৰী আদি অঞ্চলো পৰিদৰ্শন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ কে’বাগৰাকীও জলসম্পদ বিভাগৰ বিষয়াক লগত লৈ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় ৰাইজৰ সতেও মত বিনিময় কৰে ৰণজিৎ কুমাৰ দাসে ৷

Exit mobile version