ওদালগুৰিত এছ‌এছবিৰ অভিযানত গ্ৰেণেডসহ সক্ৰিয় গুলী উদ্ধাৰ

IMG 20200722 WA0033 01

বিটিএডিৰ চাৰিওখন জিলাতে ধাৰাবাহিকভাৱে অস্ত্ৰ উদ্ধাৰ হৈ থকাৰ মাজতে আজি ওদালগুৰিত এছ‌এছবিয়ে উদ্ধাৰ কৰে দুটা হেণ্ড গ্ৰেণেডসহ সক্ৰিয় গুলী । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত লালপুলস্থিত এছ‌এছবিৰ ২৩ নম্বৰ বেটেলিয়নৰ গাৰোবস্তি-খেৰাবাৰী ছাউনীৰ জোৱানে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সিন্ধিঝোৰাৰ পৰা দুটা গ্ৰেণেড সহ ৪০ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে ।

ADVERTISEMENT

সহকাৰী কামাণ্ডেণ্ট গুৰবক্স সিঙৰ নেতৃত্ব‌ত ১৭ জনীয়া এছ‌এছবি জোৱান তথা ডগ স্কোৱাডে চলোৱা অভিযানটোত অঞ্চলটোৰ জংঘলেৰে আৱৰি থকা এডোখৰ স্থানৰ পৰা মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় গ্ৰেণেডসহ গুলীসমূহ । কোনে কি কাৰণত অস্ত্ৰসমূহ জমা ৰাখিছিল সেয়া জানিব পৰা হোৱা নাই। এছ‌এছবিয়ে উদ্ধাৰ হোৱা অস্ত্ৰসমূহ ওদালগুৰি আৰক্ষী থানাত জমা দিয়াত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Exit mobile version