- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাসমূহৰ বাবে বিশেষ ঘোষণা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। ক’ভিড-১৯ৰ পৰিস্থিতিৰ স্বাভাৱিকতাৰ ভিত্তিত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত চেমিষ্টাৰৰ পৰীক্ষাসমূহ ছেপ্তেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা জাননীত প্ৰকাশ পাইছে ৷
- বিশ্বৰ জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা আই পি এল আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা ইউনাইটেড আৰব এমেৰিটছত অনুষ্ঠিত হ’ব । এই কথা প্ৰকাশ কৰিছে আই পি এলৰ সঞ্চালক ব্ৰিজেশ পেটেলে ৷ কৰ’না মহামাৰীৰ কাৰণে চলিত বৰ্ষত হ’বলগীয়া আই পি এল বাতিল কৰা হৈছিল ৷
- কৰ’না মহামাৰীৰ কাৰণে দীৰ্ঘদিন চিন্তা চৰ্চাৰ অন্তত অমৰনাথ যাত্ৰা বাতিল কৰে শ্ৰী অমৰনাথ শ্ৰীণ ব’ৰ্ডে ৷ উল্লেখযোগ্য যে সমুদ্ৰ পৃষ্ঠৰ পৰা ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথলৈ প্ৰতি বছৰে লাখ লাখ ভক্ত যায়।
- কৰ’নাৰ ভয়াৱহতাৰ অজুহাতত এইবাৰ লেহেমীয়া হৈছে ইতিমধ্যে চৰকাৰে ঘোষণা কৰা মৰাণ, মটক আৰু কোচ ৰাজবংশী স্বায়ত্ত্বশাসিত পৰিষদ গঠন প্ৰক্ৰিয়া। ফলত প্ৰস্তাৱিত এই তিনি স্বায়ত্ত্বশাসিত পৰিষদত অন্তভূৰ্ক্ত হ’বলগীয়া গাঁৱসমূহ চূড়ান্ত কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে ৷
- ৰাজ্যত মংগলবাৰে কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ১,৬৮০ জন লোক ৷ ইয়াৰে ৫৭০ জন গুৱাহাটী মহানগৰীৰ । আনহতে যোৰহাটত কৰ’নাত আক্ৰান্ত হৈছে ১৬৭ গৰাকী লোক ৷ ইপিনে, ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ২৬,৭৭২ জন ।
- ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত খেলুৱৈৰসকলৰ কোৱাৰেন্টাইন সময়ৰ বিষয়ে সদৰী কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী নিক হকলেই ৷ ইফালে সৌৰভ গাংগুলীয়ে খেলুৱৈসকলৰ কোৱাৰেন্টাইনৰ সময় হ্ৰাস কৰিব লাগিব বুলি সদৰী কৰিছে ৷