মণিপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জল যোগান আঁচনিৰ আধাৰশিলা স্থাপন

Prime Minister Narendra Modi 170f3648543 large

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জল যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব ৷ এই অনুষ্ঠানত স্থানীয় বিধায়কৰ লগতে ৰাজ্যপাল, মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ জল যোগান আঁচনিৰ এই পৰিকল্পনাৰ জৰিয়তে ২০২৪ লৈকে ৰাজ্যখনৰ প্ৰত্যেকখন গাঁৱত পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী যোগান লাভ কৰিব ৷

কেন্দ্ৰৰ এই আঁচনিৰ জৰিয়তে মণিপুৰৰ ১,৪২,৭৪৯ ঘৰ বাসিন্দাৰ লগতে ১,১৮৫ টা বস্তিত পানী যোগানৰ কাৰণে ধন প্ৰদান কৰিছে ৷ চৰকাৰৰ এক বিশেষ ভাষ্য অনুসৰি ২০২৪ লৈকে মণিপুৰৰ প্ৰতিঘৰ লোকৰ ঘৰত বিশুদ্ধ খোৱা পানী উপলব্ধ কৰোৱাতো ৰাজ্যখনৰ জল যোগান পৰিকল্পনাৰ প্ৰধান লক্ষ্য ৷

Exit mobile version