গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃক্ষৰোপণ কাৰ্যসূচী ২০২০ৰ কাৰ্যসূচী পালন

Amit Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিল্লীস্থিত বাসগৃহত বৃক্ষৰোপণ কৰি “বৃক্ষৰোপন অভিযান ২০২০”ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ এই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত থাকে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ জোশী ৷ লগতে অমিত শ্বাহে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৬ খন ইক’ পাৰ্ক, পৰ্যটনস্থলী উদঘাটনৰ লগতে আধাৰশিলাও স্থাপন কৰে ৷

কয়লা মন্ত্ৰণালয়ৰ অনুসৰি বৃহস্পতিবাৰে সমগ্ৰ দেশত বৃক্ষৰোপণ অভিযান আয়োজন কৰা হৈছে ৷ এই সময়ত দেশৰ বিভিন্ন ৰাজ্যত বৃক্ষৰোপন কাৰ্যসূচী কৰাৰ লগতে গছপুলি বিতৰণ কাৰ্যসূচীও ৰূপায়ণ কৰে ৷ ইফালে আত্মনিৰ্ভৰশীলতাৰ কাৰণে ৰাজহ উৎপন্ন, নিযুক্তি প্ৰক্ৰিয়াৰ সম্ভাৱনাৰ কাৰণে ইক’ পাৰ্কৰ লগতে পৰ্যটনস্থলীসমূহক বিকশিত কৰা হৈছে ।

Exit mobile version