দেশত নীৰৱে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হ’ল ১৮ কোটি

Coronavirus 1

দেশত কৰ’নাৰ আক্ৰান্তৰ আনুষ্ঠানিক সংখ্যাই অতিক্ৰম কৰিলে ১২ লাখ ৷ সৰ্বাধিক আক্ৰান্তৰ এই সংখ্যাৰে ভাৰত ইতিমধ্যে বিশ্বৰ তৃতীয়খন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে ৷ কিন্তু দেশত আক্ৰান্তৰ সংখ্যাৰ অনানুষ্ঠানিক তথ্য অতি ভয়াৱহ। চিকিৎসা বিজ্ঞানৰ অজ্ঞাতে দেশত ১২ লাখতকৈ কে’বাগুণ অধিক লোক এই মহামাৰীত ইতিমধ্যে আক্ৰান্ত হৈছে ৷ ইয়াৰ ফলতে দেশত গণ সংক্ৰমণ নিয়ন্ত্ৰণহীন হৈ পৰিছে । অৱশ্যে সকাহৰ বিষয় এয়ে যে তথ্য পোহৰলৈ নহা তেনে কোটি কোটি লোক ইতিমধ্যে নিজে নিজে আৰোগ্য হৈ উঠিছে আৰু তেওঁলোকৰ শৰীৰত কৰ’না প্ৰতিৰোধী এন্টিব’ডিও গঢ়ি উঠিছে ৷

এই ভয়াৱহ তথ্য পোহৰলৈ আনিছে ব্যক্তিগত খণ্ডৰ দেশৰ অন্যতম বৃহৎ পৰীক্ষাগাৰ থাইৰ’কেয়াৰে৷ কৰ’নাৰ নমুনা পৰীক্ষা বৃদ্ধিৰ বাবে চৰকাৰী পৰীক্ষাগাৰৰ উপৰি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ একাংশ পৰীক্ষাগাৰকো অনুমতি দিছে ৷ থাইৰ’কেয়াৰ তেনে এটা পৰীক্ষাগাৰ ৷ ইয়াত ইতিমধ্যে ৬০ হেজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে ৷

পৰীক্ষাগাৰটোৱে সম্পন্ন কৰা উক্ত নমুনাৰ ভিতৰৰ ৫৩ হেজাৰৰ তথ্যৰ আধাৰত প্ৰকাশ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ সেই তথ্য অনুসৰি তথ্য পোহৰলৈ নহা ভাৰতৰ কমেও ১৮ কোটি লোকৰ শৰীৰত নীৰৱে কৰ’না ভাইৰাছ প্ৰৱেশ কৰিছে । ফলত ইয়াৰ আক্ৰান্তৰ হাৰ হ’ব দেশৰ জনসংখ্যাৰ ১৫ শতাংশ ৷ লক্ষ্যণীয় যে সেইসকল লোক সুস্থ হৈ উঠাই নহয় তেওঁলোকৰ শৰীৰত এন্টিব’ডিও গঢ়ি উঠিছে ৷

Exit mobile version