ভাৰতত এদিনত কৰ’নাত আক্ৰান্তই গঢ়িলে অভিলেখ

coronavirus gty aa

ভাৰতত কৰ’না ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । ইতিমধ্যে ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১২ লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা দিয়া তথ্য অনুসৰি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বিগত ২৪ ঘন্টাত প্ৰায় ৪৫ হাজাৰ ৭২০জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ আৰু ১১২৯ জন লোকৰ কৰ’নাত মৃত্যু হৈছে ৷ ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১২ লাখ ৩৮ হাজাৰ ৬৩৫ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ ভিতৰত ২৯ হাজাৰ ৮৬১ হাজাৰ লোকৰ মৃত্যু হৈছে ৷

আনহাতে ৭ লাখ ৮২ হাজাৰ ৬০৬ জন কৰ’নাত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে। চিকিৎসাধীন হৈ আছে ৪ লাখ ২৬ হাজাৰ ১৬৭ জন লোক ৷ কৰ’না ভাইৰাছৰ ক্ষেত্ৰত আইচিএমআৰৰ মতে দেশত ২২ জুলাইলৈকে এক কোটি ৫০ লাখ ৭৫ হাজাৰ ৩৬৯ জন লোকৰ শৰীৰত কৰ’না পৰীক্ষা কৰা হৈছে । বুধবাৰে এদিনতে ৩ লাখ ৫০ হাজাৰ ৮২৩ টা কৰ’নাৰ পৰীক্ষা কৰা হৈছে ৷

Exit mobile version