মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশত অখিল গগৈৰ মাতৃক স্বাস্থ্য পৰীক্ষা

download 2

কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ অসুস্থ মাতৃৰ কাষত বৃহস্পতিবাৰে উপস্থিত হ’লগৈ বিশেষজ্ঞ চিকিৎসকৰ এটা দল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে যোৱা এই দলটোৱে অখিল গগৈৰ মাতৃৰ প্ৰিয়দা গগৈৰ উচ্চৰক্ত চাপ, মধূমেহ, চকুৰ চানি পৰা ৰোগ, ভৰি বিষকে আদি কৰি একাধিক ৰোগৰ সন্দৰ্ভত পৰীক্ষা কৰে ।

ইফালে সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ থকা অখিল গগৈ জি এম চিত চিকিৎসাধীন হৈ আছে । সম্প্ৰতি অখিল গগৈৰ ন্যায়ৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । আজি গোলাঘাট সৰুপথাৰ টেঙানিৰ ১৬ নং দীঘলী গাঁৱৰ বৰ নামঘৰত ৰাইজ একত্ৰিত হৈ অখিল গগৈয়ে যাতে অনতিপলমে উচ্চ ন্যায়ালয় আৰু নিয়াৰ আদালতত চলি থকা শুনানিত ন্যায় লাভ কৰিব পাৰে লগতে গগৈৰ সু স্বাস্থ্য কামনা কৰি শৰাই আগবঢ়াই আৰু ডবা-কাঁহ বজাই নাম-কীৰ্তন কৰে।

Exit mobile version