কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হ’লে বিশ্বজুৰি সকলো লোককে নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ থাকিবলৈ চিকিৎসক বিশেষজ্ঞসকলে পৰামৰ্শ দি আহিছে ৷ কিন্তু চিকিৎসকৰ এনে সম্পূৰ্ণ বিপৰীত এক তথ্য প্ৰকাশ পালে দক্ষিণ কোৰিয়াৰ মহামাৰী বিশেষজ্ঞই চলোৱা শেহতীয়া এক গৱেষণামূলক অধ্যয়নত ৷ এই অধ্যয়নৰ তথ্য অনুসৰি ঘৰৰ বাহিৰলৈ ওলোৱা ব্যক্তিৰ তুলনাত ঘৰৰ ভিতৰতে আৱদ্ধ থকা লোকসকলৰ মাজতহে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ সৰ্বাধিক ধৰা পৰিছে ৷
এই অধ্যয়নৰ সবিশেষ তথ্য আমেৰিকাৰ চেন্টাৰ্ছ ফ’ৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সনৰ যোৱা ১৬ জুলাইৰ সংখ্যাত প্ৰকাশ পাইছে ৷ দক্ষিণ কোৰিয়াৰ মহামাৰীৰ বিশেষজ্ঞই মুঠ ৫৭০৬ জন ক’ভিড আক্ৰান্ত ৰোগীক সামৰি এই অধ্যয়নটো চলাইছিল । অধ্যয়নত প্ৰতিবেদনত উল্লেখ কৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হোৱা এইসকল লোকৰ ১০০ জনৰ ভিতৰত মাত্ৰ দুজন লোকহে ঘৰৰ বাহিৰলৈ অহাৰ ফলত এই মাৰাত্মক ভাইৰাছত সংক্ৰমিত হৈছিল ৷
একেদৰে প্ৰতি ১০ জন কৰ’না আক্ৰান্তৰ এজনে ঘৰৰ ভিতৰতে ক’ভিড-১৯ ত সংক্ৰমিত হৈছিল । এই অধ্যয়নত লগতে প্ৰকাশ যে বৃদ্ধ আৰু নাবালক কৰ’নাত সংক্ৰমিত হোৱাৰ ফলত পৰিয়াল এটাৰ সৰ্বাধিক সংখ্যক সদস্য এই মহামাৰীত আক্ৰান্ত হৈছিল ৷ যোৱা ২০ জানুৱাৰীৰ পৰা ২৭ মাৰ্চৰ সময়ছোৱাত দক্ষিণ কোৰিয়াৰ মহামাৰী বিশেষজ্ঞই ক’ভিড-১৯ সন্দৰ্ভত এই অধ্যয়নটো চলাইছিল।