মহামাৰী কৰ’নাৰ ভয়াবহ বিভিষীকাময় পৰিবেশৰ মাজতে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়(আৰএনবি)ৰ প্ৰসূতি বিভাগৰ চিকিৎসক,নাৰ্ছ সকলে এক সফল অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে দুগৰাকীকৈ ক’ভিড-১৯ আক্ৰান্ত মহিলাৰ দুটি ক’ভিড-১৯ নিগেটিভ সন্তান প্ৰসৱ কৰোৱাই চিকিৎসালয়খনৰ সুনাম আৰু সফলতাৰ বতৰা বিলাবলৈ সক্ষম হোৱা বাতৰিয়ে চহৰখনৰ লগতে সমগ্ৰ জিলাখনৰ সৰ্বস্তৰৰ নাগৰিক সকলৰ মনতো আশা আৰু উৎসাহ কঢ়িয়াই আনিছে ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ সূত্ৰই জানিব দিছে যে চৌদিশে অব্যাহত থকা কৰ’নাতংকৰ মাজতে ক’ভিড-১৯ আক্ৰান্ত দুগৰাকী মহিলাই অস্ত্ৰোপচাৰৰ জৰিয়তে হ’লেও সুস্থ সন্তান প্ৰসৱ কৰিব পৰাটো সচাঁকৈয়ে ভাগ্যৱানেই নহয় ৷
সমগ্ৰ অস্ত্ৰোপচাৰৰ সৈতে জড়িত চিকিৎসক,নাৰ্ছ আৰু আন চিকিৎসাকৰ্মী সকলৰ বাবেও এয়া বৃহৎ সফলতা ৷ অস্ত্ৰোপচাৰৰ জৰিয়তে ক’ভিড-১৯ আক্ৰান্ত সুস্থ সন্তান প্ৰসৱ কৰা মহিলা দুগৰাকী হৈছে ক্ৰমে কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী তিতাগুড়ি বাতাবাৰীৰ ৰুনজুন মহন্ত(৩২) ৷ ৰুনজুনে এগৰাকী সুস্থ কন্যা সন্তান জন্ম দিয়ে ৷ আনহাতে তিতাগুড়ি কাশিপাৰা নিবাসী কংকনা বৰ্মন(২০)ক’ভিড-১৯ আক্ৰান্ত যদিও অস্ত্ৰাপচাৰৰ জৰিয়তে এটি সুস্থ-সবল পুত্ৰ সন্তান প্ৰসৱ কৰে ৷ প্ৰায় চল্লিশ মিনিটজোৰা অস্ত্ৰোপচাৰৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ব্যৱস্থাপনাত আছিল আৰএনবি অসামৰিক চিকিৎসালয়খনৰ মুখ্য সহায়ক চিন্ময় দাস আৰু ডাঃ জুনিকৰ আলি ৷
তদুপৰি চিকিৎসক-নাৰ্ছৰ অস্ত্ৰোপচাৰকাৰী দলটোত ছাৰ্জন ডাাঃ ৰঞ্জিত কুমাৰ বড়ো, এনাস্থেচিয়া চিকিৎসক ডা° মহেন্দ্ৰ নাথ ব্ৰহ্ম আৰু নাৰ্ছ ক্ৰমে উৰ্মিলা বসুমতাৰী, ৰীণা দৈমাৰী, কামিনী কৰ্মকাৰ, কিৰণ ৰয়ৰ উপৰিও সহ অস্ত্ৰোপচাৰ সহায়ক প্ৰদীপ নাৰ্জাৰী, ছাফাই কৰ্মী ক্ৰমে ৰাজেন্দ্ৰ বাছফৰ আৰু অশোক বাছফৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷ উল্লেখ্য যে আজিৰ এই সফলতাই কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ সফলতাই চিকিৎসালয়খনৰ প্ৰতি গৰাকী চিকিৎসক, নাৰ্ছৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ লগতে কৰ’না যোদ্ধা সকলৰ ত্যাগ আৰু পৰিশ্ৰমক ৰাইজে শলাগ লৈছে ৷ চিকিৎসালয়ৰ অধীক্ষক ডাঃ অচিন্ত্য সুন্দৰ শৰ্মাই কয় যে চিকিৎসালয়খনৰ এই সফলতাই কৰ’না যোদ্ধা সকলোক অধিক উৎসাহিত কৰাই নহয় মনোবলো বৃদ্ধি কৰিছে ৷ তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰে ৷