জনসাধাৰণৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ ছবিখন সম্পূৰ্ণ ভূৱাঃ ৰাহুল গান্ধী

Modi Rahul1

ভাৰত চীনৰ মাজত হোৱা উত্তেজনাৰ মাজতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মাজে সময়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিবলৈ নাপাহৰে । এইবাৰে পুনৰ কৰ’না আৰু দেশৰ আৰ্থিক অৱস্থাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুলে ৷ ৰাহুল গান্ধীৰ মতে কৰ’না আৰু দেশৰ আৰ্থিক অৱস্থাক লৈ কৰা তেওঁ মন্তব্যক কেন্দ্ৰীয় চৰকাৰে উপেক্ষা কৰিছে । যাৰ পিছত দেশৰ আৰ্থিক অৱস্থা শোচনীয়তাৰ দিশলৈ ধাৱমান হৈছে।

সম্প্ৰতি চীনক লৈ কৰা ৰাহুলৰ মন্তব্যকো কেন্দ্ৰীয় চৰকাৰে উপেক্ষা কৰিছে বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে । ইফালে বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ৰ জৰিয়তে মন্তব্য কৰে যে ভাৰতত গ্ল’বেল ভিজনৰ হোৱাৰ প্ৰয়োজন আছে । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ল’বেল ভিজনৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। প্ৰধানমন্ত্ৰী মোদীয়ে শাসনলৈ আহিবলৈ নিজৰ এক শক্তিশালী ছবি তৈয়াৰ কৰিছে ৷ জনসাধাৰণৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ ছবি সম্পূৰ্ণ ভূৱা ৷

Exit mobile version