টিনপাত মাৰি প্ৰতিবেশীৰ দুৱাৰ বন্ধ কৰিলে নগৰ পালিকা কৰ্মীয়ে

Screenshot 2020 07 25 22 47 54 19 e2d5b3f32b79de1d45acd1fad96fbb0f

কৰ’না আক্ৰান্তৰ পৰিয়ালৰ বিৰুদ্ধে অমানৱীয় কাৰ্য সংঘটিত কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বাংগালুৰু মহানগৰ পালিকা । মহানগৰখনৰ দুটি পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰত থকা অৱস্থাতে প্ৰৱেশ দুৱাৰ টিনপাতেৰে বন্ধ কৰি দিয়ে মহানগৰ পালিকাৰ কৰ্মীয়ে । সবাতোকৈ ডাঙৰ কথা ইয়াৰে এটি ঘৰত কোনো কৰ’না আক্ৰান্ত লোক নাছিল।

একমাত্ৰ প্রতিবেশী হোৱাৰ দোষতে দ্বিতীয়টো ঘৰৰো প্ৰৱেশ দুৱাৰত টিন লগাই বন্ধ কৰি দিয়া হয় । মাত্ৰ এনে খবৰৰ ভিত্তিতে পালিকাৰ কৰ্মী সকলে হোম কন্টেইনমেন্টৰ নামত পৰিয়াল দুটিক সম্পূৰ্ণভাৱে আবদ্ধ কৰি পেলায় ঘৰৰ ভিতৰতে । পৰিয়াল দুটিৰ আন এঘৰ প্ৰতিবেশীয়ে টিনৰে বন্ধ কৰি দিয়া দুৱাৰ দুখনৰ ছবি তুলি প’ষ্ট কৰি দিয়ে ছ’চিয়েল মিডিয়াত ।

ইয়াৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় নগৰ পালিকা । স্থানীয় প্ৰশাসনৰ এনে কাণ্ডক লৈ মহানগৰখনৰ বাসিন্দা সকল সৰৱ হৈ পৰাত পালিকাই দুৱাৰ বন্ধ কৰা টিন আঁতৰাই নিবলৈকো বাধ্য হয় । অৱশেষত মহানগৰ পালিকাৰ আয়ুক্ত এন মঞ্জুনাথ প্ৰসাদৰ হস্তক্ষেপত বন্ধ দুৱাৰ মুকলি কৰাৰ লগতে এই ঘটনাৰ বাবে আয়ুক্তই ক্ষমা বিচাৰি দুখ প্ৰকাশ কৰে ।

Exit mobile version