নগাঁও জিলাত বৃদ্ধি পাইছে চোৰাং লালীগুড়ৰ অবৈধ বজাৰ

IMG 20200725 WA0047

চোৰাং লালী গুড়ৰ ঘাটিলৈ পৰ্যবেসিত হৈছে নগাঁও জিলাৰ বহুকেইটা অঞ্চল ৷ পুৰণি অবিভক্ত নগাঁও জিলাৰ লগতে বৰ্তমানৰ হোজাই জিলাক সামৰি গঢ়ি উঠিছে লালীগুড়ৰ চোৰাং কাৰবাৰ৷ এই সমূহস্থানৰ পৰাই ৰাজ্যৰ বিভিন্ন অঞ্চললৈ গোপনে সৰবৰাহ হৈছে লালীগুড় ৷ আজি জখলাবন্ধা থানাৰ বাগৰি আৰক্ষী চকীৰ সমীপত আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় পথত অভিযান চলাই এখন গাড়ীসহ বৃহৎ পৰিমাণৰ লালীগুড় জব্দ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য ৷

আৰক্ষীয়ে এই অবৈধ বেপাৰৰে জড়িত হোজাই লংকাৰ নাজমুল হুছেইন আৰু ফকৰউদ্দিন নামৰ দুজন লোককো আটক কৰিছে ৷ লালীগুড়সহ জব্দ কৰিছে এ-এছ-০২- ছি ছি- ৪৬২৮ নম্বৰৰ বলেৰ’ পিকআপ গাড়ীখন ৷ জানিব পৰা মতে, হোজাইৰ পৰা গোলাঘাট জিলালৈ বুলি গোপনে সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ লালীগুড়খিনি ৷ আজিয়েই নহয়, প্ৰতিদিনেই এনেদৰেই ৰাষ্ট্ৰীয় পথেৰে মুকলিকৈ চোৰাং লালীগুড় সৰবৰাহ হৈ অহাৰ পাছত আজি আৰক্ষীৰ অভিযানে এই চোৰাং কাৰবাৰত এক সাময়িক আঘাত কৰিছে বুলি প্ৰকাশ কৰিছে সকলোৱে ৷ অৱশ্যে ইয়াৰ মাজতে একাংশ থানাত অবৈধ লালীগুড়ৰ নামত আৰক্ষীক সন্তুষ্ট কৰি দৈনিকে এই অবৈধ কাৰবাৰ চলি অহাৰো অভিযোগ দীৰ্ঘদিনীয়া  ৷

Exit mobile version