বিতৰ্কৰ অৱসান ঘটাই অৱশেষত স্পষ্টীকৰণ দিলে কংগনাইঃ কিন্তু কিয় ?

Kangana site

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনা ৰানাউটে বলীউডৰ একাংশ চেলীব্ৰেটীক সমালোচনাৰে থকা সৰকা কৰিছিল । ইয়াৰ মাজতে কংগনাই তাপ্সী পান্নু আৰু স্বৰা ভাস্কৰৰ দৰে অভিনেত্ৰীক বি গ্ৰেড অভিনেত্ৰী বুলি অভিহিত কৰে । কিন্তু বি গ্ৰেড অভিনেত্ৰী মানে কি বুজাব বিচাৰিছিল কংগনাই সেই সন্দৰ্ভত শেহতীয়াকৈ এক স্পষ্টীকৰণ দিছে ৷ কংগনা মতে স্বৰা আৰু তাপ্সীক বলীউডৰ ষ্টাৰ কিড আলিয়া আৰু অন্যন্যাৰ স্থান একাংশই দিব নোখোজে ৷ যাৰ কাৰণে কংগনাই দুয়োকে বি গ্ৰেড অভিনেতা বুলি অভিহিত কৰিছিল ।

এক সাক্ষাৎকাৰত কংগনাই কয় “তাপ্সী আৰু স্বৰাই যিমান কষ্ট নকৰক কিয় তেওঁলোকক আলিয়া আৰু অন্যন্যাৰ সমান বুলি কেতিয়াও ভাবিব নোৱাৰে ৷ স্বৰাই নিজকে সোনম কাপুৰৰ বেষ্ট ফ্ৰেণ্ড বুলি ক’লেও বিশ্বই সোনম কাপুৰৰ দৰে স্বৰাক নাভাবে ৷ তাপ্সী পান্নুৱে হাজাৰ বাৰ ক’লেও যে তেওঁক সকলোৱে বহুত ভাল পায়, বলীউডে তেওঁক আদৰি লৈছে ৷ কিন্তু বাস্তৱত তাপ্সীক আলিয়া আৰু অন্যন্যাৰ স্থান কোনেও দিব নোৱাৰে।”

আনহাতে সুশান্ত আৰু অংকিতাৰ সন্দৰ্ভত মন্তব্য কৰি কংগনাই কয় “সুশান্তে বিচাৰিছিল যে তেওঁক সকলোৱে আদৰি লওক । কিন্তু বাস্তৱত এনেধৰণৰ নহ’ল ৷ উল্লেখযোগ্য যে সুশান্তৰ মৃত্যুৰ পিছত সমগ্ৰ বলীউডত নিপ’টিজমৰ সন্দৰ্ভত বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে কংগনাই স্বৰা আৰু তাপ্সীক দিয়া বি গ্ৰেড অভিনেত্ৰীৰ খিতাপে তিনিওগৰাকী অভিনেত্ৰীৰ মাজত অভিযোগ প্ৰতি অভিযোগ অব্যাহত থকাৰ মাজতে কংগনাৰ স্পষ্টীকৰণ চৰ্চা লাভ কৰিছে ৷

Exit mobile version