মাৰ্কিন কনছুলেট বন্ধৰ নিৰ্দেশ দিলে চীনে

AR 200729709

কৰ’নাক লৈ বেইজিং আৰু ৱাশ্বিংটনৰ মাজত আৰম্ভ হোৱা কূটনৈতিক যুঁজ অধিক জটিল হৈছে ৷ হিউষ্টনৰ চীনা কনছুলেট বন্ধ কৰাৰ প্ৰত্যুত্তৰত চীনে আজি দক্ষিণ পশ্চিম মহানগৰীৰ চেংদুৰ মাৰ্কিন কনচুলেট বন্ধৰ নিৰ্দেশ দিয়ে ৷ চীনৰ বৈদেশিক মন্ত্ৰণালয়ে কয় মাৰ্কিন যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা অযুক্তিকৰ পদক্ষেপৰ বিৰুদ্ধে এই বিধ আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ সম্প্ৰতি চীন আমেৰিকাৰ মাজত সৃষ্টি হোৱা পৰিস্থিতি চীনৰ আকাংক্ষিত নহয় আৰু ইয়াৰ বাবে আমেৰিকা দায়বদ্ধ ৷

ৱাশ্বিংটনে হিউষ্টনৰ চীনা দূতাবাস ৭২ ঘন্টাৰ ভিতৰত বন্ধ কৰিবলৈ যোৱা মংগলবাৰে নিৰ্দেশ দিছিল ৷ চীনৰ বিৰুদ্ধে গুপ্তচৰবৃত্তিৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। চীনে বৌদ্ধিক সম্পত্তি চুৰি কৰাৰ অভিযোগ আমেৰিকাৰ ৷ আজি পুনৰ এক বিবৃতিযোগে চীনে আমেৰিকাৰ পিছ হুককিবলৈ কয় আৰু দ্বিপাক্ষিক সম্পৰ্ক সম্পৰ্ক স্বাভাৱিক কৰি তুলিবলৈ প্ৰয়োজনীয় বাতাবৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায় । ইপিনে মাৰ্কিন দূতাবাস বন্ধ কৰাৰ লগতে চীনে মাৰ্কিন বিদেশ সচিব মাইক পম্পেয়ৰ তৎপৰতাক “পৰুৱাৰ গছ জোঁকৰাৰ চেষ্টা” বুলিও কটাক্ষ কৰে ।

বৃহস্পতিবাৰে নিশা কেলিফৰ্ণিয়াৰ এক বক্তৃতাত হিউষ্টনৰ চীনা কনছুলেটৰ বিৰুদ্ধে পোনপটীয়াকৈ গুপ্তচৰ বৃদ্ধিৰ অভিযোগ কৰিছিল পম্পেয়াই । পম্পেয়ৰ মন্তব্যৰ প্ৰত্যুত্তৰ চীনা বৈদেশিক মন্ত্ৰণালয় আৰু তথ্য বিভাগৰ চৰকাৰী টুইটাৰত কোৱা হৈছে “কেলিফৰ্ণিয়াৰ ৰিচাৰ্ড নিক্সন প্ৰেছিডেন্সিয়েল পুথিভঁৰালত পম্পেয়ৰ মন্তব্য শুনি অনুভৱ হয় ৷ তেওঁ নিজকে একবিংশ শতিকাৰ জন ফ’ষ্টাৰ ডুলছ হিচাপে তুলি ধৰিব বিচাৰিছে। বিশ্বজুৰি কমিউনিষ্ট চীনৰ বিৰুদ্ধে ক্ৰুছেড আৰম্ভ কৰিব বিচাৰিছে৷ কিন্তু এনে প্ৰয়াস গছ জোকাঁৰিবলৈ পৰুৱাৰ প্ৰয়াসৰ দৰে নিৰৰ্থক ৷ উল্লেখযোগ্য যে ১৯৮৫ ত স্থাপন কৰা হৈছিল আমেৰিকাৰ চেংডু কনছুলেট ৷ইয়াৰ কৰ্মীসংখ্যা প্ৰায় দুশ আৰু প্ৰায় ১৫০ জনেই স্থানীয়ভাৱে নিযুক্ত চীনা কৰ্মী ৷

Exit mobile version