ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

NarendraModiMeeting1

দেশত প্ৰতিটো মুহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত ক’ভিড-১৯ৰ সন্দৰ্ভত ২৭ জুলাইত মত বিনিময় কৰিব ৷ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবদ্ধনো উপস্থিত থাকিব। এক বিশেষ সূত্ৰৰ মতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে হোৱা এই বৈঠকত স্বাস্থ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্য সচিবো উপস্থিত থাকিব । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত দিনসমূহতে তিনিখন ৰাজ্যৰ কাৰণে ICMR ৰ তিনিটা লেব উদঘাটন কৰিব ৷ কৰ’না ভাইৰাছ মহামাৰীক লৈ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এইখন হ’ব সপ্তমখন বৈঠক । এই বৈঠকত আনলক-৩ ৰ সকলো কাৰ্যসূচীৰ বিষয়ে আলোচনা হ’ব ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত হোৱা ২৭ জুলাইৰ এই বৈঠকখনত কৰ’না ভাইৰাছৰ লগত কেনেদৰে মোকাবিলা কৰা হ’ব সেই সন্দৰ্ভত আলোচনা হ’ব ৷ উল্লেখযোগ্য যে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৩ লাখৰ ঘৰ অতিক্ৰম কৰিলে । আনহাতে, বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৫০,০০০ জন লোক । আৰু মৃত্যু হোৱাৰ সংখ্যা ৩০,০০০ জন লোক ৷ আনহাতে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্তৰ সংখ্যাই সৰ্বাধিক ৷মহাৰাষ্ট্ৰ কৰ’নাত আক্ৰান্ত হৈছে ৩,৪৭,৫০২ জন লোক ৷ ইপিনে কৰ’নাৰ নতুন হটস্পট ঠাই হিচাপে বিবেচিত হৈছে কৰ্ণাটক ৷ কৰ্ণাটকত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৮০,০০০ ৰ সীমা অতিক্ৰম কৰিছে ৷

Exit mobile version