ৰঙিয়াত তীব্ৰ চাঞ্চল্য মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰা বান শিবিৰত ওলাল ক’ভিড পজিটিভ

IMG 20200725 195513

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰা ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বান শিবিৰত দুগৰাকীকৈ আশা কৰ্মীৰ দেহত ক’ভিড -১৯ৰ সংক্ৰমণ ধৰা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।নিৰাপত্তাৰ অজুহাত দেখুৱাই ৰঙিয়াৰ কোনো সাংবাদিকক শিবিৰত প্ৰবেশৰ পৰা বিৰত ৰাখিছিল যদিও দলীয় নেতা-পালিনেতা সকলে সামাজিক দূৰত্বক ভেঙুচালি কৰি একেলগে পৰিদৰ্শন কৰা শিবিৰত কালি আৰু আজি দুগৰাকীকৈ আশা কৰ্মীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ লগত মত বিনিময়ত অংশ লোৱা আশা কৰ্মী দুগৰাকী হ’ল প্ৰমিলা শৰ্মা আৰু মিনু বনিয়া। প্ৰমিলা শৰ্মাৰ দেহত কালি আৰু মিনু বনিয়াৰ দেহত আজি সংক্ৰমণ ধৰা পৰে ।

প্ৰমিলা শৰ্মাক চাংসাৰি হেভেলছ্ ক’ভিড কেয়াৰ চেন্টাৰত আৰু মিনু বনিয়াক আই আই টিৰ ক’ভিট চিকিৎসালয়ত ভৰ্তি কৰা হয় । আজি ৰঙিয়া অসামৰিক চিকিৎসালয়, ৰঙিয়া আদৰ্শ চিকিৎসালয় আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী পৰীক্ষা কেন্দ্ৰত ৰেপিড এন্টিজেন টেষ্টৰ অধীনত মুঠ ৮০ জন লোকৰ নমুনা পৰীক্ষা কৰাত এগৰাকী নাৰ্ছসহ ১৬ গৰাকীৰ দেহত সংক্ৰমণ ধৰা পৰে । আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ২৮ জনৰ ৰেপিড এন্টিজেন টেষ্টৰ নমুনা পৰীক্ষা কৰাৰ অন্তত ৬ গৰাকীৰ দেহত সংক্ৰমণ ধৰা পৰে । তেওঁলোক হ’ল তিতকুৰিৰ জগন্নাথ বড়ো(৩৮), ৰঙিয়া শান্তিপুৰ ৫নং ৱাৰ্ডৰ মন্টু বনিয়া (২৫) আৰু সুনীল শ্ৰীবাস্তৱ(৩৫), নিউ মাৰ্কেটৰ সঞ্জু দাস (৩০) আৰু অনিতা বড়ো(২৮),ধেপাৰগাওঁৰ মেহৰুন নেছাৰ (৪২) আৰু ৪ গৰাকী আদৰ্শ চিকিৎসালয়ত ষ্টাফ নাৰ্ছ প্ৰণতি দাস, ৰঙিয়া ৫নং ওৱাৰ্ডৰ প্ৰনয় বনিয়া, জুৰি দাস আৰু আশা কৰ্মী মিনুু বনিয়া। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ছগৰাকী লোকৰ দেহত সংক্ৰমণ ধৰা পৰে।

আক্ৰান্তসকলক আজি আই আই টি ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰা হয় । ইপিনে ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ নাৰ্ছৰ দেহত সংক্ৰমণ ধৰা পৰাত চিকিৎসালয়খন কনটেইনমেন্ট জ’ন হিছাপে ঘোষণা কৰি পাঁচ দিনৰ বাবে চিকিৎসা সেৱা বন্ধ কৰি দিয়া হৈছে । আনহাতে ৰঙিয়া ৰেলৱে স্কুলত অনুষ্ঠিত এক অনুষ্টুপীয়া সভাত অংশগ্ৰহণ কৰা গৌৰ দাসৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাত প্ৰশাসনে বিদ্যালয়খন কনটেইনমেন্ট জ’ন হিছাপে ঘোষণা কৰি সাধাৰণ ৰাইজৰ বাবে প্ৰবেশ নিষিদ্ধ কৰিছে। প্ৰশাসনে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জীতেন দাস সহ সকলো অংশগ্ৰহণকাৰীৰ লেলাউটি পৰীক্ষা কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

Exit mobile version