কনটেইনমেন্ট জ’নৰ বাহিৰত বিগ বিৰ বাসগৃহ

article l 2019823011464142401000

বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ বাসগৃহ জলছা, জনক আৰু প্ৰতীক্ষা সম্প্ৰতি কনটেইনমেন্ট জ’নৰ বাহিৰত ৷ দেওবাৰে বিএমচিৰ এটা দলে বচ্চন পৰিয়ালৰ বাসগৃহৰ সন্মুখৰ পৰা কনটেইনমেন্ট জ’নৰ ফলক আঁতৰাই দিয়ে ৷ অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত সমগ্ৰ ঘৰটোক চেনিটাইজাৰ কৰাৰ পিছত কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল । ইফালে কনটেইনমেন্ট জ’নক লৈ সম্প্ৰতি বিভিন্ন ৰাজ্যত বিভিন্ন নিয়ম প্ৰৱৰ্তন কৰা হৈছে  ৷ একাংশ চহৰত ইয়াৰ সময়সীমা ২৮ দিন হোৱাৰ পৰিৱৰ্তে কিছুমান চহৰত আকৌ ৭-১৪ দিন ৷

অমিতাভ বচ্চনৰ বাসগৃহ ১৪ দিনৰ কাৰণে কনটেইনমেন্ট জ’ন কৰা হৈছিল ৷ উল্লেখযোগ্য যে ১১ জুলাইত ৭৭ বছৰীয়া অমিতাভ বচ্চন আৰু ৪৪ বছৰীয়া অভিষেক বচ্চনৰ শৰীৰত পোৱা গৈছিল কৰ’না ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ পিছতেই সেইদিনাই বিয়লিলৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈছিল দুয়ো পিতা-পুত্ৰ । ১২ জুলাইত ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনীয়েক আৰাধ্যা বচ্চনৰ শৰীৰতো কৰ’না পজিটিভ পোৱা যায় । যদিও কোনো লক্ষণ দেখা পোৱা নাযায় ৷

কিন্তু ১৭ জুলাইত ঐশ্বৰ্য আৰু আৰাধ্যৰ শৰীৰত অৱনতি ঘটাত দুয়োকে মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয় । যদিও এতিয়ালৈকে তেওঁলোকৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই । আনহাতে ১৯৮২ চনত চট্টে পে চট্টা ছবিৰ অভূতপূৰ্ব সফলতাৰ পিছত পৰিচালক ৰাজ এন চিপ্পীয়ে অমিতাভ বচ্চনক জলছা উপহাৰ দিছিল । প্ৰতীক্ষা আছিল বিগ বিৰ প্ৰথম বাসগৃহ ৷ এই বাসগৃহটোৰ নামাকৰণ কৰিছিল অমিতাভ বচ্চনৰ পিতৃ ডা° হৰিবংশ ৰায় বচ্চনে ৷ আনহাতে অমিতাভ বচ্চনৰ তৃতীয়টো বাসগৃহ জনকত অফিচৰ কামৰ কাৰণে ব্যৱহাৰ কৰা হয় ।

Exit mobile version