কৰ’নাত আক্ৰান্ত হৈ আজি মৰিগাঁৱৰ প্ৰথম জন ৰোগীৰ ভূৰাগাঁৱৰ নিজা গৃহত মৃত্যু

123597 coronavirus 2

চূড়ান্ত দায়িত্বহীন আৰু অসচেতনতাৰ বাবে মৰিগাঁও জিলাৰ ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন প্ৰাক্তন অধ্যক্ষ কৰ’নাত আক্ৰান্ত হৈ আজি ঘৰতে মৃত্যু হোৱা ঘটনাই সকলোকে আচৰিত কৰিছে। শিক্ষিত লোকৰ দ্বাৰাই চৰকাৰৰ নীতি-নিয়ম ভংগৰ এক দৃষ্টান্ত হ’ল এই ঘটনা । মৃত্যু হোৱা প্ৰাক্তন অধ্যক্ষ গৰাকীৰ নাম সত্যচৰণ বিশ্বাস (৭৫) । ঘটনাৰ বিৱৰণী মতে, মৃত বিশ্বাসে কিছু দিন ধৰি ঘৰতে জ্বৰ, কাঁহত ভুগি আছিল । কিন্তু কৰ’নাৰ প্ৰাৰম্ভিক লক্ষণ দেখা দিয়াৰ পাছতো ঘৰৰ পৰা ওচৰতে থকা ভূৰাগাঁও পৰিপুৰক চিকিৎসালয়লৈ পৰামৰ্শৰ বাবে নগৈ ভূৰাগাঁও চাৰিআলিস্হিত সাহা ফাৰ্মাছীত কৰিছিল চিকিৎসা। সাহা ফাৰ্মাছীৰ মালিকে জ্বৰ-কাঁহৰ ৰোগী জনক নীতি বিৰুদ্ধভাৱে চিকিৎসা কৰিছিল। আনকি জ্বৰ ভাল নোহোৱাত এণ্টিবায়টিক পৰ্যন্ত খাবলৈ দিয়া হৈছিল সাহা ফাৰ্মাছীত। কোনো চিকিৎসকৰ প্ৰেচক্ৰিপচন অবিহনে সাহা ফাৰ্মাছিৰ মালিকে এণ্টিবাইটিক দিয়াৰ কথা স্বয়ং অধ্যক্ষ গৰাকীৰ পুত্ৰৰ পৰাই জানিব পৰা গৈছে ।

ইফালে ভূৰাগাঁও পৰিপুৰক চিকিৎসালয়ৰ চিকিৎসক চন্দন শৰ্মাক ৰোগী জনে চিকিৎসালয়লৈ পৰামৰ্শৰ বাবে গৈছিল নেকি বুলি সোধাত তেওঁ কয় – এই সময় চোৱাত তেওঁ চিকিৎসালয়লৈ যোৱা দূৰৰ কথা আশা কৰ্মীকো জনোৱা নাই বুলি প্ৰতিবেদকক জানিব দিয়ে । ঘৰতে জ্বৰত ভুগি থকা লোকজনৰ আজি ঘৰতে মৃত্যু হোৱাৰ পাছতহে পৰিয়ালৰ লোক আতংকিত হয় আৰু এই কথা জানিব পাৰি মৃত বিশ্বাসৰ স্বাৱ গ্ৰহণ কৰি পৰীক্ষা কৰা হয়। এই পৰীক্ষাত বিশ্বাসৰ ফলাফল ধনাত্মক আহে। ইয়াৰ পিছতে পৰিয়ালৰ লোকৰ সহযোগত প্ৰশাসনে নীতি-নিয়মেৰে সৎকাৰৰ ব্যৱস্হা কৰিছে। মুঠতে মৰিগাঁও জিলাৰ প্ৰথম জন কৰ’না আক্ৰান্ত ৰোগীৰ আজি মৃত্যু হ’ল ভূৰাগাঁৱত। এনে ঘটনাৰ পাছত সাহা ফাৰ্মাছীৰ বিৰুদ্ধে জিলা প্ৰশাসনে কি ব্যৱস্হা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

ইফালে আজি লাহৰীঘাটত নতুনকৈ ২১ জন লোকৰ কৰ’না পজেটিভ আহে । তাৰে ১২ জন ৰেপিড টেষ্ট আৰু আন কেইজন স্বাৱ টেষ্টত ধৰা পৰে। ৰেপিড টেষ্টত লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ১১ জন কৰ্মচাৰী আৰু লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এজন চিকিৎসকৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্হিতি । ইয়াৰ বিপৰীতে আন ৯ জনৰ স্বাৱ টেষ্টত দেহত পোৱা গৈছে কৰ’নাৰ অৱস্হিতি । এই সকল লোকৰ ভিতৰত নগাবন্ধা পি এইচ চিৰ এজনৰ লগতে বহিঃ ৰাজ্যৰ পৰা আহি বিভিন্ন কোৱাৰেন্টাইন কেন্দ্রত আছিল। সেইসকলৰ ভিতৰত উটকাটিৰ ২ জন, তিতাতলাৰ ১ জন, ভূৰাগাঁৱৰ ২ জন, উলুবাৰীৰ ১ জন, টেঙাগুৰী কছাৰী গাঁৱৰ ১ জন,চেনীমাৰীৰ ১ জন।

উল্লেখ্য যে যোৱা দেওবাৰে ভূৰাগাঁও বৰডোৱা টুপৰ এটি চুবুৰিত এটা পৰিয়ালৰ আঠ জন লোক আৰু আন তিনি জনৰ কৰ’না পজেটিভ হোৱাত সেই চুবুৰিটো জিলা প্ৰশাসনে কনণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰিছে। মুঠতে বৰ্তমান লাহৰীঘাটৰ লগতে ভূৰাগাঁৱত ক’ৰণাৰ গণসংক্ৰমণৰ দিশে গতি কৰিছে।

Exit mobile version