- ভাৰতীয় বতৰ বিজ্ঞান শাখাই আগন্তুক ৫ পাঁচ দিনত দেশৰ বতৰৰ সন্দৰ্ভত এক জাননী দিছে ৷ জাননী অনুসৰি ২জুলাইৰ দিনটোত ৰাজস্থান, বিহাৰ, অৰুণাচল আৰু অসমকে ধৰি দেশৰ বিভিন্ন স্থানত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷
- ৰাজ্যৰ সৰ্বত্ৰে বানৰ তাণ্ডৱ ৷ শেহতীয়াকৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা তথ্য অনুসৰি ২৩ খন জিলাৰ ২৪ লাখ ৭৬ হাজাৰ ৪৩১ গৰাকী লোক বৰ্তমান বানপানীৰ কবলত পৰিছে ৷ আনহাতে , এইবাৰ বানত প্ৰাণ হেৰুৱাইছে ১২০ জনকৈ লোকে ৷
- দেশত কৰ’না আক্ৰান্তই পাৰ কৰিলে ১৪ লাখৰ ঘৰ ৷ বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৪৯,৯৩১ গৰাকী লোক ৷ মৃত্যু হৈছে ৭০৮ জন ৷ বৰ্তমান দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হ’লগৈ ১৪,৩৫ ,৪৫৩ জন ৷ সুস্থ হৈছে ৯ লাখ ১৭ হাজাৰ জন ৷
- উত্তৰ কোৰিয়াত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে দেশখনৰ একনায়কত্ববাদী শাসক কিম জং উনে । দেশখনত প্ৰথমটোত কৰ’না আক্ৰান্ত ঘটনাৰ পিছতে সীমান্তৱৰ্তী চহৰ ক্যাচঙত তলাবন্ধ ঘোষণা কৰা হৈছে ৷
- মেক্সিকোৰ স্বাস্থ্যমন্ত্ৰী ডা° জেছাছ গ্ৰাজেদাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি দেওবাৰে চিহুয়াহুৱাৰ গৱৰ্ণৰে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। প্ৰায় দুসপ্তাহ পূৰ্বে কৰ’নাত আক্ৰান্ত হৈছিল ডা° জেছাছ গ্ৰাজেদা ৷