ফুলেৰে নহয় চেণ্ডেলৰ মালাৰে আৰাধনা কৰে দেৱীক

25BGFOOTWEAR

হিন্দু ধৰ্মাৱলম্বীসকলে দেৱ-দেৱীক ফুলৰ মালা আগবঢ়োৱা প্ৰথা প্ৰাচীন কালৰে পৰা চলি আহিছে । ফুল-নৈবদ্য অবিহনে পূজা অসম্পূৰ্ণ । ফুলৰ মালা দেৱ-দেৱীৰ সন্মুখত আগবঢ়াই মনো কামনা পূৰণ হ’বলৈ সকলোৱে কামনা কৰে । কিন্ত এইখন দেশতে এনে এটা মন্দিৰ আছে য’ত ভক্তই ফুলৰ মালা নহয় দেৱীলৈ আগবঢ়াই চেণ্ডেলৰ মালা । কৰ্ণাটকৰ গুলবাৰ্গ জিলাত অৱস্থিত লকম্মা দেৱীৰ মন্দিৰত ভক্তই দেৱীক সন্তুষ্ট কৰিবলৈ আগবঢ়াই ভৰিত পিন্ধা চেণ্ডেল । প্ৰতি বছৰে ইয়াত ‘ফুটবিয়েৰ ফেষ্টিভেল’ আয়োজিত কৰা হয় ।

বহু দূৰ-দূৰণিৰ পৰা বহু ভক্ত এই মন্দিৰলৈ চেণ্ডেল আগবঢ়াবলৈ আহে । এইদৰে চেণ্ডেল আগবঢ়ালে মনৰ আশা পূৰ্ণ হোৱাৰ বিশ্বাস জনসাধাৰণৰ । এই ফেষ্টিভেল প্ৰতি বছৰে দেৱালীৰ ষষ্ঠ দিনা পালন কৰা হয় ।মন্দিৰৰ বাহিৰত থকা এজোপা গছত চেণ্ডেলৰ মালা বনাই আৰি দিয়া হয় । ইয়াৰ ফলত বেয়া শক্তিৰ পৰা দেৱীয়ে ৰক্ষা কৰে লগতে ভক্তৰ মনোকামনা পূৰণ কৰে । লোকবিশ্বাস অনুসৰি দেৱীলৈ আগবঢ়োৱা এই চেণ্ডেল ৰাতি হ’লে দেৱীয়ে পিন্ধিবলৈ আহে । উল্লেখ্য যে পৌৰাণিক কালৰে পৰা এই প্ৰথা এই মন্দিৰত চলি আহিছে ।

Exit mobile version