মছজিদ নহয়, বিদ্যালয় বা চিকিৎসালয় হোৱাটো বিচাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা পাঁচ একৰ ভূমিতঃ কিন্তু কোনে?

BABRIKB

ঐতিহাসিক বাবৰি মছজিদৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দিয়া পাঁচ একৰ ভূমিত মছজিদৰ পৰিৱৰ্তে চিকিৎসালয় অথবা বিদ্যালয় স্থাপন হোৱাতো বিচাৰিছে স্থানীয় বাসিন্দাই । অৱশ্যে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব চুন্নী ৱাকফ বৰ্ডে ৷ ইফালে অযোধ্যাৰ এজন বাসিন্দাই কয় “সম্প্ৰতি আমাৰ ইয়াত বহুকেইটা মছজিদ আছি ৷ কিন্তু চিকিৎসাৰ কাৰণে চিকিৎসালয় আৰু শিশুসকলৰ পঢ়িবৰ কাৰণে বিদ্যালয়ৰ অভাৱ ৷ অৱশ্যে আমাৰ মতামতক কোনেও গ্ৰহণ নকৰে যদিও আমি চিকিৎসালয় অথবা বিদ্যালয় স্থাপন কৰাটোহে বিচাৰো ৷”

উল্লেখযোগ্য যে ৰাম মন্দিৰৰ ভূমি পূজন হ’ব ৫ আগষ্টত । এই অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইফালে ভূমি পূজন হোৱাৰ প্ৰাকমুহূৰ্তত সকলো কাম সমীক্ষা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ উপস্থিত হ’ল অযোধ্যাত ৷ অযোধ্যাত উপস্থিত হৈ যোগী আদিত্য নাথে সন্ত আৰু ৰাম মন্দিৰৰ ট্ৰাষ্টৰ সদস্যসকলৰ লগত বৈঠকত অংশ লয় । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় “আমি সকলো মিলি ভূমি পূজনত অংশ ল’ম ৷ ৪ আৰু ৫ আগষ্টৰ নিশা দেশৰ সকলো ঘৰ আৰু মন্দিৰত ‘দিপোৎসৱ’ অনুষ্ঠিত কৰিব ৷ অযোধ্যা আৰু দীপাৱলী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷”

ইপিনে মন্দিৰৰ টাষ্টৰ লগত হোৱা বৈঠকত যোগী আদিত্যনাথে কয় যে আজি সমগ্ৰ বিশ্বই অযোধ্যাৰ ফালে চাই আছে ৷ সকলোৱে এক অনুশাসনৰ মাজৰে সমগ্ৰ বিশ্বত এক নতুন ধাৰা বোৱাই আনিব লাগিব । বিগত ৫০০ বছৰৰ পিছত অযোধ্যাত এনেধৰণৰ এক দিন আহিছে  ৷ পাঁচ আগষ্টত সমগ্ৰ বিশ্ব এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰ’ব।

Exit mobile version