দূতাবাসত মাৰ্কিন পতাকা নমাই দিলে চীনে

WhatsApp Image 2020 07 28 at 12.21.22 PM

এক নজিৰবিহীন দৃশ্য । যেন যুদ্ধসদৃশ পৰিস্থিতি । এনে এক পৰিস্থিতিৰ দৰেই চেংদুৰ মাৰ্কিন দূতাবাসৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰীয় পতাকা নমাই দিলে স্হানীয় প্ৰশাসনে। কিছুদিন পূৰ্বে আমেৰিকাৰ হিউষ্টনৰ চীনা দূতাবাস বন্ধ কৰাৰ প্ৰত্যুত্তৰত বেইজিঙে চেংদুৰৰ মাৰ্কিন দূতাবাস বন্ধৰ নিৰ্দেশ দিছিল । পুৱা স্হানীয় চীনা প্ৰশাসনে মাৰ্কিন পতাকা নমাই দিলে চেংদুৰত । চীনৰ চৰকাৰী সংসাদ মাধ্যমৰ দাবি অনুসৰি বন্ধৰ নিৰ্দেশ দিয়া সত্বেও দূতাবাসত কাম-কাজ অব্যাহত আাছিল । ইয়াৰ পাছত পতাকা নমোৱা হয়। ইয়াৰ জৰিয়তে আমেৰিকাৰ স’তে প্ৰত্যক্ষ সংঘাতত চীন উপনীত হ’ব বিচৰা বুলি চৰ্চ্চা চলিছে । আমেৰিকাই চীনৰ বিৰুদ্ধে গুপ্তচৰ বৃত্তিৰ অভিযোগ তুলি হিউষ্টনৰ দূতাবাস বন্ধৰ নিৰ্দেশ দিছিল ।

মাৰ্কিন বৈদেশিক সচিব মাইক পম্পেয়ৰ মতে এই দূতাবাস গুপ্তচৰ বৃত্তিৰ ঘাটি আাছিল । ইয়াৰ প্ৰত্যুত্তৰ চেংদুৰৰ মাৰ্কিন দূতবাস বন্ধৰ নিৰ্দেশ দিয়ে বেইজিঙে । আমেৰিকাৰ সিদ্ধান্ত অযুক্তিকৰ বুলি চীনে চোকা সমালোচনা কৰে । এতিয়া কিমান সময়ৰ ভিতৰত আমেৰিকান কূটনীতিসকলে ত্যাগ কৰিব লাগিব সেই । চূড়ান্ত সময় স্পষ্ট নহয় । চেংদুৰ বান কনছুলেটলৈ যোৱা পথছোৱা আৰক্ষীয়ে ঘেৰি পেলাইছে অাৰু বন্ধ কৰি দিয়া হৈছে । চীনৰ বৈদেশিক মন্ত্ৰণালয়ে কয়, ‘চীনে আমেৰিকাক এই দূতাবাস বন্ধৰ নিৰ্দেশ দিছে। আমেৰিকাৰ কনছুলেট জেনেৰেলৰ উচিত তাৎক্ষণিক কাম-কাজ বন্ধ কৰি দিয়া ।’ তাৎপৰ্যপূৰ্ণভাৱে তিব্বতৰ সমীপৱৰ্তী বাবে এই দূতাবাস আমেৰিকাৰ বাবে গুৰুত্বপূৰ্ণ আাছিল ।

Exit mobile version