এইখন অসমতে ৬০ ফুট উচ্চতাৰ এজোপা অমিতা গছঃ ৰাইজৰ মাজত কৌতূহল

WhatsApp Image 2020 07 29 at 10.38.04 PM

সাধাৰণতে ওখ গছ বুলিলে আমি তামোল, নাৰিকল, খেজুৰ, আম, বটগছ আদিকেই বুজো যদিও এতিয়া এই ধাৰণা সলনি কৰি অমিতা গছেও স্থান দখল কৰিছে ওখ গছৰ তালিকাত । সচৰাচৰ এডাল অমিতা গছ সৰ্বাধিক ২০-২৫ ফুট ওখ হয় যদিও দৰং জিলাৰ মঙলদৈত এডাল ৬০ ফুট উচ্চতাৰ অমিতা গছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত একপ্ৰকাৰ কৌতূূূহল আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জিলা খনৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী সৰু থেকেৰাবাৰী গাঁৱৰ জমছেদ আলী নামৰ এজন লোকৰ ঘৰৰ বাৰীত আছে এই ৬০ ফুট উচ্চতাৰ অমিতা গছ গছজোপা । এতিয়া এই অসাধাৰণ অমিতা গছ জোপাক লৈ ৰাইজৰ মাজত চলিছে সৰৱ চৰ্চা । পথচাৰীয়ে জুমি জুমি চাই যোৱা এই অমিতা গছ জোপা চাবলৈ দৈনিক শ শ লোকে ভিৰ কৰিছেহি জমছেদ আলীৰ ঘৰত । সকলোকে হতভম্ব কৰি তোলা এই বিশেষ অমিতা গছজোপা সন্দৰ্ভত গৃহস্থ জমছেদ আলীয়ে প্ৰকাশ কৰে যে পুলি অৱস্থাত অমিতা গছজোপা সাধাৰণ অমিতা গছৰ দৰেই লহপহকৈ বাঢ়ি আহে আৰু এটা সময়ত ফল দিবলৈ আৰম্ভ কৰে । সাধাৰণতে এডাল অমিতা গছ ৪-৫ বছৰ হে জীয়াই থাকে যদিও এইজোপা অমিতা গছে প্ৰায় ১৫ বছৰ ধৰি নিয়মিত ভাৱে ফল দি আহিছে বুলি জানিবলৈ দিয়ে গৃহস্থই ।

ইপিনে গছজোপাৰ উচ্চতা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত গছজোপাৰ পৰা অমিতা পাৰি অনাৰ ক্ষেত্ৰত গৃহস্থই সমস্যাৰ সন্মুখীন হয়, যাৰফলত বিগত এবছৰ ধৰি গছজোপাৰ পৰা অমিতা খাবলৈ সক্ষম হোৱা নাই বুলি প্ৰকাশ কৰে গৃহস্থ জমছেদ আলীয়ে । আনহাতে অঞ্চলটোৰ বিভিন্ন লোকে এই গছজোপাৰ অমিতা খাইছে আৰু একাংশই ইয়াৰ বীজ বিচাৰে লৈ গৈছে । অমিতা গছজোপাৰ সন্দৰ্ভত গৃহস্থই কয় এইয়া আল্লা-ঈশ্বৰৰ এক লীলা । সম্প্ৰতি অমিতা গছজোপাৰ পৰা অমিতা খাবলৈ নাপালেও গছজোপা কাটি পেলোৱাৰ কথা চিন্তা কৰা নাই গৃহস্থই । উল্লেখ্য যে ৬০ ফুট উচ্চতাৰ এই অমিতা গছজোপাৰ অমিতা বৰ্তমান বিভিন্ন চৰাই-চিৰিকটিৰ খাদ্য হৈ পৰাৰ লগতে গছজোপা চৰাই চিৰিকটিৰ বাসস্থান হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি আছে গৃহস্থই ।

Exit mobile version