ক’ভিডত অমিতাভৰ মৃত্যু কামনা!

Amitabh Bachchan 1200 1

অমিতাভ বচ্চনৰ দৰে মহা তাৰকাৰো অমংগল চিন্তা কৰা লোক থাকিব পাৰে সেয়া ভাবিবলৈ কঠিন । অৱশ্যে এয়াই বাস্তৱ । তেওঁকো ঘৃণা কৰা লোক আছে । সম্প্ৰতি মুম্বাইৰ নানাৱতী হাস্পতালত ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৭৭ বছৰীয়া মহতাৰকা গৰাকীয়ে এক অসাধাৰণ ব্লগ প’ষ্টত লিখিছে যে তেওঁলৈ ক’ভিড-১৯ ভাইৰাছত মৃত্যু কামনা কৰি বাৰ্তা প্ৰেৰণ কৰিছে ।

এই ছদ্মবেশী লোকৰ প্ৰতি বিগ বিৰ সহাৰিও যথেষ্ট আক্ৰমণাত্মক বুলি চৰ্চিত হৈছে । বিগ বিৰ ৰাজহুৱা আদান-প্রদান মৰ্যাদাপূৰ্ণ বুলি সাধাৰণতে কোৱা হয় । এইবাৰ তেওঁ নিজ চৰিত্ৰগত গুণাগুণৰ পৰা ফালৰি কাটি এইদৰে সঁহাৰি দিছে, ‘হেৰা শ্ৰীমান নামহীন, তুমি পিতৃৰ নামো লিখা নাই কিয়নো তুমি নাজানা তোমাৰ পিতৃত্ব কাৰ ।’ এইদৰে ব্লগত তেওঁ ‘ট্ৰ’ল’ কৰাসকলক প্ৰত্যুত্তৰ দিছে । মাত্ৰ এয়ে নহয়, বিগ বিয়ে তেওঁৰ বিশ্বজোৰা ন কোটিৰো অধিক অনুৰাগীক যাক তেওঁ পৰিবৰ্ধিত পৰিয়াল আখ্যা দিয়ে সেইসকলক পৰিত্যাগ কৰাৰ তথা এইসকল বিনাশকাৰী পৰিয়াল হৈ পৰিব বুলি ভাবুকি দিছে।

অমিতাভ বচ্চনৰ ক্ষেত্ৰত এনে বিনাশকাৰী শব্দ আচৰিত বুলি চৰ্চিত হৈছে কিয়নো তেওঁ চিকিৎসাধীন হৈ থকাৰ সময়চোৱাত অনুৰাগী তথা চিকিৎসা কৰ্মীক ধন্যবাদসূচক নমনীয় প’ষ্ট লিখা দেখা গৈছে। বচ্চনৰ ক্ষেত্ৰত এনে বাৰ্তা লাভ কৰাটোও অবিশ্বাস্য । ভাৰত তথা বিশ্বতে সমাদৃত বিগ বি যোৱা ১১ জুলাইৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছে । লগতে চিকিৎসাধীন পুত্ৰ অভিষেক। ক’ভিড আক্ৰান্ত বোৱাৰী ঐশ্বৰ্য আৰু নাতিনী আৰাধ্যা অৱশ্যে সম্প্ৰতি সুস্থ ।

Exit mobile version