ছাটাবাৰী উদ্যোগীক বিকাশ কেন্দ্ৰত ডকাইতি হোৱা এটিএম মেচিনৰ মণিটৰ দেউচৰ নদীত উদ্ধাৰ

satabari

বকো আৰক্ষী থানাৰ অন্তৰ্গত ছাটাবাৰী ঔদ্যোগীক বিকাশ কেন্দ্ৰৰ মূল গেটৰ সমীপত থকা ভাৰতীয় ষ্টেট বেংকৰ এটিএমসহ ২৫লাখ ৮১হাজাৰ টকা যোৱা ২৭জুনত ডকাইতি হৈছিল । জামবাৰী পহৰা চকীৰ আৰক্ষী বিষয়া মুন্না পাচনিৰ নেতৃত্বত আজি বকোস্থিত এচডিআৰএফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ যুটীয়া উদ্যোগত বকো দেউচৰ নদীৰ পৰা ডকাইতি হোৱা এটিএম মেচিনৰ মণিটৰটো উদ্ধাৰ কৰা হয়।

ধৃত ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দেউচৰ নদীৰ টৰা মণিটৰটো উদ্ধাৰ কৰিবল সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে এটিএম ডকাইতি কাণ্ডৰ লগত জড়িত ৯জনকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে আন ৩ জন ডকাইত পলাতক হৈ থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । একেদৰে ৫লাখ টকাসহ ডকাইতি কৰা ধনেৰে ক্ৰয় কৰা সা-সামগ্ৰী মটৰ চাইকেল, চাৰিচকীয়া বাহনসহ ম’বাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানলৈ পলাতক ডকাইতৰ সন্ধানত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰখাৰ কথা সদৰী কৰিছে ।

Exit mobile version