জালুকবাৰীস্থিত ক’ভিড হস্পিতালত ব্যতিক্ৰমী প্ৰয়াস: দৈনিক দুবাৰকৈ যোগাসন আৰু প্ৰাৰ্থনা

jalukbari

ৰোগৰ সৈতে যুঁজিবলৈ এজন ব্যক্তি মানসিক ভাবেও সবল হৈ থকাটো অতি জৰুৰী। যোগাসন আৰু প্ৰাৰ্থনাই মানসিক স্বাস্থ্যত অৰিহণা যোগায় । এই লক্ষ্যকে আগত ৰাখি আগবাঢ়িছে মহানগৰীৰ এখন ক’ভিড হস্পিতাল । মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতালখন যোৱা ২১ জুনত ১১০ খন বিচনাযুক্ত ক’ভিড হস্পিতাল মুকলি কৰা হয়।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড হস্পিতালখন চিকিৎসা সেৱাৰ বাবে মুকলি কৰে । হস্পিতালখনত প্ৰতিজন ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসা সেৱাৰ লগতে শাৰিৰীক সক্ষমতা, মন-মগজু, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে দৈনিক দুবাৰকৈ যোগাসন আৰু বিশেষ মন্ত্ৰাচাৰণৰে প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। যোৱা ২৯ জুলাই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৫৭০ জন ক’ভিড আক্ৰান্ত লোক চিকিৎসাৰ বাবে উক্ত হস্পিতালত ভৰ্তি কৰা হৈছে । আৰু যোৱা ২৯ জুলাই পৰ্যন্ত ইয়াৰে ৫০০ জন ক’ভিড আক্ৰান্ত লোকক চিকিৎসাৰ অন্তত সুস্থ হোৱাত তথা তেওঁলোকৰ ক’ভিড টেষ্ট নিজটিভ অহাত ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে ।

উক্ত ক’ভিড হস্পিতালত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ অধ্যক্ষ ডা: বিষ্ণু প্ৰসাদ শৰ্মাৰ তত্বাবধানত চিকিৎসালয়ৰ ৫০ গৰাকীৰো অধিক চিকিৎসক, স্নাতকোত্তৰ চিকিৎসক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা তিনিগৰাকী জ্যেষ্ঠ চিকিৎসক ক’ভিড আক্ৰান্ত লোকসকলক দিনে-নিশাই চিকিৎসা সেৱা আগবঢ়াই আছে । উল্লেখ্য যে, ৰোগীসকল আৰোগ্য হৈ ঘৰলৈ উভতি যোৱাৰ সময়ত প্ৰত্যেকজনে চিকিৎসা সেৱা শুশ্ৰূষাক যথেষ্ট প্ৰশংসা কৰা বুলি অধ্যক্ষ ডা: শৰ্মাই জানিবলৈ দিয়ে।

Exit mobile version