টুইটাৰত সমালোচনাকাৰীলৈ অভিষেক বচ্চনৰ বাৰ্তা “আপুনি সুৰক্ষিত থাকক, আশীৰ্বাদৰ কাৰণে ধন্যবাদ”

9881406a 1

বলীউডৰ অভিনেতা অভিনেত্ৰীসকল সততে সমালোচনা, ইতিকিং আদিকে ধৰি বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হয় ৷ এইবাৰ সমালোচনাৰ সন্মুখীন হ’ল বলীউডৰ অভিনেতা অভিষেক বচ্চন ৷ ৪৪ বৰ্ষীয় অভিষেক আৰু তেওঁৰ পিতৃ অমিতাভ বচ্চন সম্প্ৰতি ক’ভিড-১৯ত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ মাজতে অভিষেক বচ্চনক পিতৃৰ আৰ্জিত ধনেৰে খোৱা বুলি কটাক্ষ কৰি টুইটাৰত এগৰাকী মহিলাই টুইট কৰে যে “এতিয়া কাৰ ভৰষাত খাবা অভিষেক” ৷ আৰু ইয়াৰ বিপৰীতে অভিষেকেও টুইট কৰি কয় “এতিয়াটো আমি দুয়ো শুই শুইয়েই খাই আছো” । পুনৰ সেই বিশেষ ব্যক্তিজনে টুইট কৰি কয় ” শুই শুই খোৱা “৷

আকৌ অভিষেকে সমালোচনাকাৰীক টুইট কৰি কয় “মই প্ৰাৰ্থনা কৰিছো যে আমাৰ দৰে পৰিস্থিতিৰ ভৱিষ্যতে আপুনি সন্মুখীন নহওক । আপুনি সুৰক্ষিত থাকক । আপোনাৰ আশীৰ্বাদৰ কাৰণে ধন্যবাদ।” আনহাতে অলপতে অমিতাভ বচ্চনক উদ্দেশ্যে কৰিও কোনেও “ক’ভিড-১৯ত মৃত্যু” হোৱাৰ কথা সদৰী কৰিছিল । ভাইৰেল হোৱা এই টুইটটোৱে সকলোকে সচকিত কৰি তুলিছিল ৷

উল্লেখযোগ্য যে ১১ জুলাইত ৭৭ বছৰীয়া অমিতাভ বচ্চন আৰু ৪৪ বছৰীয়া অভিষেক বচ্চনৰ শৰীৰত পোৱা গৈছিল কৰ’না ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ পিছতেই সেইদিনাই বিয়লিলৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈছিল দুয়ো পিতা-পুত্ৰ । ১২ জুলাইত ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনীয়েক আৰাধ্যা বচ্চনৰ শৰীৰতো কৰ’না পজিটিভ পোৱা যায় । যদিও কোনো লক্ষণ দেখা পোৱা নাযায় ৷ কিন্তু ১৭ জুলাইত ঐশ্বৰ্য আৰু আৰাধ্যৰ শৰীৰত অৱনতি ঘটাত দুয়োকে মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয় ।এতিয়া অৱশ্যে ঐশ্বৰ্য আৰু আৰাধ্য সুস্থ হৈ ঘৰলৈ উভতিছে ।

আনহাতে বচ্চন পৰিয়াল কৰ’নাত আক্ৰান্ত বুলি খবৰ পোৱাৰ পিছতে তেওঁলোকৰ তিনিটাকৈ ঘৰ কনটেইনমেন্ট জ’ন কৰাৰ উপৰিও চেনিটাইজ কৰা হয় ৷ ইপিনে অমিতাভ বচ্চনৰ তিনিটা ঘৰৰ ভিতৰত ১৯৮২ চনত ‘চট্টে পে চট্টা’ ছবিৰ অভূতপূৰ্ব সফলতাৰ পিছত পৰিচালক ৰাজ এন চিপ্পীয়ে বিগ বিক জলছা উপহাৰ দিছিল । প্ৰতীক্ষা আছিল বিগ বিৰ প্ৰথম বাসগৃহ ৷এই বাসগৃহটোৰ নামাকৰণ কৰিছিল অমিতাভ বচ্চনৰ পিতৃ ডা° হৰিবংশ ৰায় বচ্চনে ৷ অমিতাভ বচ্চনৰ তৃতীয়টো বাসগৃহ জনকত অফিচৰ কামৰ কাৰণে ব্যৱহাৰ কৰা হয় ।

Exit mobile version