তিনি দশকৰ পিছত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কেন্দ্ৰৰ

Ramesh Pokhriyal Nishank

মাতৃভাষা অথবা স্থানীয় আঞ্চলিক ভাষা হ’ব পঞ্চম শ্ৰেণী পৰ্যন্ত শিক্ষাদানৰ মাধ্যম ৷ নতুন শিক্ষানীতি ২০২০ প্ৰকাশ কৰি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ তিনি দশকৰ পাছত দেশত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পুনৰীক্ষণ কৰা হয় ৷ শিক্ষাৰ অধিকাৰে তিনি বছৰৰ পৰা ১৯ বছৰলৈ সকলো ল’ৰা ছোৱালীকে সামৰি ল’ব ৷ এই শিক্ষানীতিয়ে ষষ্ঠ শ্ৰেণীৰ পৰাই ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা নবিচসহ বৃত্তিমুখী শিক্ষাৰ প্ৰস্তাৱ দিছে ৷ তদুপৰি আছে ১০+২ গাঁথনিৰ সালসলনি আৰু চাৰিবছৰীয়া স্নাতক কাৰ্যসূচী ।

এই নতুন শিক্ষানীতিয়ে বিদ্যালয় বৰ্হিভূত দুই কোটি ল’ৰা ছোৱালীক মূলসূঁতিলৈ ওভতাই আনিব বুলি চৰকাৰে দাবী কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন শিক্ষানীতিৰ সন্দৰ্ভত টুইটাৰ যোগে কয় “সম্পূৰ্ণ হৃদয়ৰে আদৰণি জনাইছো । এই নীতিক তেওঁ শিক্ষাখণ্ডৰ বহু প্ৰতীক্ষিত আৰু প্ৰাপ্য সংস্কাৰ আখ্যা দিয়ে ৷ নতুন শিক্ষানীতি মৰ্মে মাতৃভাষা অথবা স্থানীয় অথবা আঞ্চলিক ভাষা পঞ্চম শ্ৰেণী পৰ্যন্ত পৰাপক্ষত অষ্টম শ্ৰেণী আৰু ততোধিক পৰ্যন্ত শিক্ষাৰ মাধ্যম হ’ব ৷ সকলো পৰ্যায়তে সংস্কৃত অধ্যয়নৰ ব্যৱস্থা থাকিব ৷ আৰু মাধ্যমিক শ্ৰেণীৰ পৰ্যায়ৰ পৰা বিশেষ ভাষা শিক্ষণৰ ব্যৱস্থা থাকিব ৷

অৱশ্যে এই শিক্ষা নীতিত কোৱা হৈছে “কোনো ছাত্ৰৰ ওপৰতে কোনো ভাষা বাধ্যতামূলকভাৱে আৰোপ কৰা নহ’ব । অৱশ্যে এই বিষয়টোক লৈ যোৱা জুনত বিতৰ্কৰ উদ্ভৱ হয় । বিশেষকৈ দাক্ষিণাত্যৰ ৰাজ্যসমূহে বলপূৰ্বক হিন্দী আৰোপ কৰা বুলি সমালোচনাত মুখৰ হয় । ইপিনে এতিয়াৰে পৰা স্কুলত বৰ্তমানৰ ১০+২ গাঁথনিৰ পৰিৱৰ্তে ৫+৩+৩+৪ গাঁথনি হ’ব আৰু ১২ বছৰ একেৰাহে স্কুলীয়া শিক্ষাৰ ব্যৱস্থা হ’ব  ৷ তিনি বছৰীয়া অংগনবাড়ী অথবা প্ৰাক বিদ্যালয় থাকিব । দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰিষদৰ পৰীক্ষা হ’ব যদিও ইয়াক নতুন ৰূপ দিয়া হ’ব ।

সৰ্বাংগীণ উন্নয়ন হ’ব লক্ষ্য ৷ পৰখ(কাৰ্য সম্পাদন, মূল্যায়ন পুনৰীক্ষণ আৰু জ্ঞানৰ বিশেষণেৰে সৰ্বাংগীণ উন্নয়ন গঠন নামেৰে নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰই নিৰূপণ কৰিব ৷ কেন্দ্ৰীয় চৰকাৰৰ মতে এই নতুন শিক্ষানীতিৰ ছাত্ৰ ছাত্ৰীৰ বোজা হ্ৰাস আৰু শিক্ষাৰ্থীক “বহু অনুশাসনমূলক” আৰু বহু ভাষিক “কৰি তোলাৰ সুবিধা দিয়া ৷ ইয়াত কলা আৰু বিজ্ঞান,পাঠ্যক্ৰম বৰ্হিভূত আৰু বৃত্তিমূলক তথা বিদ্যায়তনিক শাখাৰ মাজত কোনো কঠোৰ পাৰ্থক্য নাথাকিব ৷

Exit mobile version