মৰিগাঁও আৰক্ষীৰ জালত হাতিচোং কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰৱঞ্চক প্ৰৱক্তা ছাইকুল ইছলাম

morigaon 1

চাকৰি দিয়া প্ৰলোভনেৰে ধন সংগ্ৰহ, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ টকা লুণ্ঠন আৰু শিক্ষাগত অৰ্হতা জালিয়াতীৰ অভিযোগত আটক ছাইকুল মৰিগাঁও জিলা আৰক্ষী আৰু মৈৰাবাৰী আৰক্ষীৰ যুটীয়া অভিযানত আজি আটক হল নগাঁও জিলাৰ হাতিচোং কলেজৰ প্ৰৱঞ্চক প্ৰৱক্তা ছাইকুল ইছলাম ।

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী, চাকৰিৰ প্ৰলোভন দি ধন সংগ্ৰহ  আৰু নিজৰ শিক্ষাগত অৰ্হতাৰ জালিয়াতী কৰাৰ এক গুৰুতৰ অভিযোগত নগাঁও কাৱৈমাৰীৰ পৰা ছাইকুল ইছলামক আটক কৰে মৰিগাঁও আৰক্ষী আৰু মৈৰাবাৰী আৰক্ষীয়ে।

বৰ্তমান ছাইকুল ইছলামক মৈৰাবাৰী আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে। উল্লেখিত অভিযোগ কেইটাৰ ভিত্তিত তাজমুল হুছেইনে তৰা এক গোচৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে ৪৪৫/২০নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি সোধ-পোছ অব্যাহত ৰাখিছে ।

প্ৰণিধান যোগ্য যে ছাইকুল ইছলামে চাকৰিৰ প্ৰলোভন দি টকা লৈ আত্মসাৎ কৰা লগতে সংখ্যালঘু ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগৰ ওপৰিও নিজৰ বি এ পাছ কৰা প্ৰমান পত্ৰও জালিয়াতীৰে বনোৱাৰ অভিযোগ কৰিছে এজাহাৰকাৰীয়ে ।

ছাইকুল ইছলামৰ প্ৰকৃত ঘৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লোচনাবড়ীৰ এক নং ৱাৰ্ডত । কলেজৰ প্ৰবক্তাৰ দৰে সন্মানীয় আসনত নিজক অধিষ্ঠিত কৰা ছাইকুল ইছলামৰ বিৰুদ্ধে উপস্হাপন হোৱা এনে অভিযোগে লজ্জান্বিত কৰিছে বৌদ্ধিক মহলক । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ছাইকুল ইছলামৰ কুকীৰ্তিৰ সবিশেষ ।

Exit mobile version