- দেশত এই পৰ্যন্ত কৰ’নাৰ পৰীক্ষা কৰা হৈছে ১ কোটি ৮১ লাখ ৯০ হাজাৰ ৩৮২ জন লোকৰ ৷ আনহাতে বুধবাৰৰ দিনটোত সমগ্ৰ দেশত কৰ’নাৰ টেষ্ট কৰা হৈছে ৪ লাখ ৪৬ হাজাৰ ৬৪২ গৰাকী ৷
- অনাগত প্ৰায় দুসপ্তাহৰ ভিতৰত বিশ্বৰ বজাৰত উপলব্ধ হ’ব কৰ’নাৰ ভেকচিন ৷ এই কথা সদৰী কৰিছে ৰাছিয়াৰ এদল বিজ্ঞানীয়ে। ১০ আগষ্টৰ পূৰ্বে কৰ’নাৰ ভেকচিন বজাৰত উপলব্ধ কৰোৱাৰ বাবে বিজ্ঞানীসকলে চেষ্টা কৰি আছে ৷
- পাঁচ আগষ্টত হ’ব লগা অযোধ্যাৰ ভূমি পূজনত সন্ত্ৰাসবাদী সংগঠনে কূটাঘাটৰ আশংকা কৰিছে ৷ এই কথা সদৰী কৰিছে চোৰাংচোৱা সংস্থাই । সম্প্ৰতি অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷
- বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৫২,১২৩ গৰাকী লোক ৷ মৃত্যু হৈছে ৭৭৫ জন ৷ দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৫ লাখ ৮৩ হাজাৰ ৭৯২ জনলৈ । মৃত্যু হৈছে ৩৪,৯৬৮ জন ৷
- দিল্লীত পূৰ্বে ডিজেলত ধাৰ্য কৰা ৩০ শতাংশ VAT হ্ৰাস কৰা হৈছে ১৬.৭৫ শতাংশলৈ ৷ কেবিনেটৰ এই সিদ্ধান্তৰ পিছতেই দিল্লীত ৮.৩৬ শতাংশ হ্ৰাস পালে ডিজেলৰ মূল্য ৷ এই কথাই সম্প্ৰতি সাধাৰণ জনগণক সকাহ দিছে ।