ওপৰত ফাট, তলত এন্দুৰৰ সন্ত্ৰাসঃ নৱগ্ৰহলৈ সংকট

Screenshot 2020 07 30 19 30 03 76 e2d5b3f32b79de1d45acd1fad96fbb0f

ৰাজ্যবাসীক বানপানীৰ পৰা সকাহ দিবলৈ মথাউৰিৰ নিৰ্মাণত মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বাধীন জলসম্পদ বিভাগ ব্যৰ্থ বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এইবাৰ মন্ত্ৰীজনৰ তত্ত্বাৱধানত থকা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আন এক গুৰুত্বপূৰ্ণ ব্যৰ্থতা দাঙি ধৰিছে মহানগৰীৰ এটা ঐতিহাসিক মন্দিৰে ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকাল উকলিবলৈ মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে এই ঐতিহাসিক মন্দিৰক সুৰক্ষা প্ৰদানৰ নামত চৰকাৰখনে একো নকৰাৰ অভিযোগ উঠিছে ।

ইফালে এই সমগ্ৰ ঘটনাৰ বিষয়ে কংগ্ৰেছ চৰকাৰক অৱগত কৰোৱাত ২০১৬ৰ ২৯ ফ্ৰেব্ৰুৱাৰীত ২কোটি ৬৩ লাখ তিনি হেজাৰ টকাৰ বিত্তীয় অনুমোদন ঘোষণা কৰি প্ৰথম পৰ্যায়ত ৪০ লাখ টকা মন্দিৰটো উন্নয়নৰ বাবে জি এম ডি এক আৱন্টন দিছিল । কিন্তু নিৰ্বাচন আহি পৰাত মন্দিৰ উন্নয়ন নামত ইটা এচপৰাও নপৰিল আৰু সেই টকা কি হ’ল আজিও ৰহস্যৰ আৱৰ্তত ৷

তাৰ পৰিৱৰ্তী সময়ত পৰিৱৰ্তনৰ শ্ল’গানেৰে অহা বিজেপি চৰকাৰৰ দিনত মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰটোৰ সুৰক্ষা আশাৰে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা আদিক সকলো নথি পত্ৰ জমা দিছিল যদিও সেয়া সকলোবোৰ অথলে গ’ল । ফলত সম্প্ৰতি মন্দিৰটোত হোৱা সঘন ভূমিকম্পৰ ফলত মন্দিৰটোলৈ অশনি সংকেত নমাই আনিছে ।

উল্লেখযোগ্য ২০১৫ তে মন্দিৰৰ ওপৰৰ অংশত ফাট মেলাৰ ফলত এজাক বৰষুণ দিলেই পানী বিৰিঙি গৈছে । কিন্তু জাপানৰ মুখ্যমন্ত্ৰী শ্বিনজু আবেৰ প্ৰস্তাৱিত আগমণক কেন্দ্ৰ কৰি যোৱা ডিচেম্বৰত মহানগৰীৰ ঐতিহাসিক কে’বাটাও স্থানৰ সৌন্দৰ্যবৰ্ধনৰ নামত লাখ লাখ টকা খৰচ কৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগে এটা ঐতিহ্যমণ্ডিত মন্দিৰ সুৰক্ষা ক্ষেত্ৰত যোৱা চাৰে চাৰি বছৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ।

Exit mobile version