আদালতৰ ভিতৰতে ধৰ্মোন্মাদে গুলীয়াই হত্যা কৰিলে অভিযুক্তক

Screenshot 2020 07 31 18 04 58 72 e2d5b3f32b79de1d45acd1fad96fbb0f

ইছলাম ধৰ্মক অপমান কৰাৰ অভিযোগত পাকিস্তানৰ আদালতে এজন অভিযুক্তক গুলীয়াই হত্যা কৰিলে ধৰ্মোন্মাদ লোকে । পাকিস্তানৰ উত্তৰ -পশ্চিমাঞ্চলীয় চহৰ পেছোৱাৰৰ এখন আদালতত ইছলাম ধৰ্মক অপমান কৰা সন্দৰ্ভত তাহিৰ আহমেদ নাছিম নামৰ মাৰ্কিন নাগৰিক এজনৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছিল । ২০১৮ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিমে নিজকে ‘নবী’ বুলি দাবী কৰিছিল ।

ইছলাম ধৰ্মক অৱমাননা কৰা বাবে আৰক্ষীয়ে নাছিমক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । আদালতত হাজিৰ কৰাই শুনানি গ্ৰহণ কৰাৰ সময়তে এজন ধৰ্মোন্মাদে অভিযুক্তজনলৈ লক্ষ্য কৰি ছয় জাঁই গুলিবৰ্ষণ কৰাত তাহিৰৰ থিতাতে মৃত্যু হয় । নিৰাপত্তাৰক্ষীয়ে গুলিবৰ্ষণ কৰা লোকজনক গ্ৰেপ্তাৰ কৰাত অভিযুক্তজনে কয় যে, ‘হজৰত মহম্মদক অপমান কৰা বাবে প্ৰতিশোধ ল’বলৈ তাহিৰক গুলীয়াই হত্যা কৰিছো ।’ উল্লেখ্য যে নাছিমৰ বিৰুদ্ধে ‘ব্লাচফেমি আইন’ৰ ২৯৫-ক আৰু ২৯৫ খ ধাৰাৰ উপৰি ২৯৫ গ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

Exit mobile version