ইটালীক অতিক্ৰম কৰি কৰ’নাত সংক্ৰমণৰ পঞ্চম স্থানত ভাৰত

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

দেশত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷ সম্প্ৰতি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই ইটালীক পিছ পেলোৱাৰ উপক্ৰম হৈছে ৷ কাৰণ কৰ’নাত আক্ৰান্তৰ সংখ্যাত ইতিমধ্যে ভাৰত পঞ্চম স্থানত উপনীত হৈছে ।

আনহাতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত কৰ’নাত মৃত্যু হৈছে ৩৫,৭৪৭ জন আৰু ২৪ ঘন্টাত আক্ৰান্ত হৈছে ৭৭৯ জন । ৩৫,৭৪৭ জন লোকৰ মৃত্যুৰ সংখ্যাৰে ভাৰত কৰ’নাত মৃত্যু হোৱা পঞ্চমখন দেশলৈ ৰূপান্তৰিত হ’ল ৷ কাৰণ ইটালী কৰ’নাত মৃত্যু হৈছে ৩৫,১৩২ জন লোক ।

ইপিনে জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ক্ষেত্ৰত আমেৰিকাত ১৫২,০৭০জন,ব্ৰাজিলত ৯১,২৬৩ জন,ইউ কেত ৪৬,০৮৪ জন,মেক্সিকোত ৪৬,০০০ জন ৷ ভাৰতত প্ৰায় পাঁচ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে। সুস্থ হৈছে ১০,৫৭,৮০৫ জন লোক ৷ আনহাতে বিগত ২৪ ঘন্টাত সমগ্ৰ দেশত ৩২,৫৫৩ জন লোক সুস্থ হৈছে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি প্ৰায় ১০,৫৭,৮০৬ জন লোক কৰ’নাত আক্ৰান্তহৈ সুস্থ হৈ উঠিছে । শতাংশৰ হিচাপত কৰ’নাত সুস্থ হোৱাৰ হাৰ ৬৪.৪৪ ৷ আনহাতে কৰ’নাত আকান্ত হৈ সুস্থ হোৱা হাৰ দিল্লীত ৮৮.৯৯ শতাংশ,অসমত ৭৬.৬৮ শতাংশ, তেলেংগানাত ৭৪.২৭ শতাংশ, তামিলনাডুত ৭৩.৮৫ শতাংশ, গুজৰাটত ৭৩.০৬ শতাংশ, ৰাজস্থানত ৭০.৭৬ শতাংশ আৰু মধ্যপ্ৰদেশত ৬৯.৪৭ শতাংশ ৷

Exit mobile version