৭৩হেজাৰ টকীয়া টি -চাৰ্ট

24 07 2020 priyanka chopra 20548324

এটা টি-চাৰ্ট ৰ মূল্য কিমান হ’ব পাৰে ? আপোনাৰ অনুমানৰো বাহিৰত এই টি-চাৰ্টটোৰ মূল্য । ‘গ্লোবেল ফেশ্বন আইকন’ প্ৰিয়ংকা চোপ্ৰাই অতীত ৰোমন্থন কৰি ইনষ্টাগ্ৰাম যুগে এটা ভিডিঅ’ শ্বেয়াৰ কৰে । ভিডিঅ’টোত অভিনেত্ৰী গৰাকীয়ে পিন্ধি থকা চাৰ্টটোৰ মূল্য হ’ল ৭৩হেজাৰ । পূৰ্বে ও ইনষ্টাগ্ৰামত এই টি-চাৰ্টটোৰ ফটো প’ষ্ট কৰিছে অভিনেত্ৰী গৰাকীয়ে । ‘Bottega veneta’ ব্ৰেণ্ডৰ ‘satin’ কাপোৰৰ বিশেষ এই চাৰ্টটোৰ কান্ধত আছে পকেটৰ ডিজাইন ।

উল্লেখ্য যে  ‘ব’ল্ড এণ্ড বিউটিফুল ‘ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ বলিউডত সম্পূৰ্ণ হ’ল ২০ বছৰ । ‘মিছ ইণ্ডিয়া’ আৰু ‘মিছ ৱৰ্ল্ড’ ৰ খিতাপ লাভৰ পিছতেই বলিউডত খোজ পেলাইছিল অভিনেত্ৰী গৰাকীয়ে। ‘Miss India beauty pageant 2000’ৰ কিছু সুমধুৰ মুহূৰ্ত অভিনেত্ৰী গৰাকীয়ে ভিডিঅ’ যোগে উপভোগ কৰি আনন্দিত হৈ পৰে ।

অভিনেত্ৰীগৰাকীয়ে এই ২০ বছৰীয়া যাত্ৰাৰ বিষয়ে ৰোমন্থন কৰি সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ ভিডিঅ’ উপভোগ কৰাৰ কথা ইনষ্টাগ্ৰামযুগে ব্যক্ত কৰি ভিডিঅ’ শ্বেয়াৰ কৰে । ভিডিঅ’টোত উল্লেখ কৰিছে ‘মই ‘Miss India pageant 2000′ ৰ ভিডিঅ’ চাই আছো । এইখনেই সেইখন ঠাই য’ৰ পৰা মোৰ এই যাত্ৰা আৰম্ভ হৈছিল ।’

Exit mobile version