ৰঙা চীনক পুনৰ সমালোচনাৰে থকা সৰকা কৰিলে আমেৰিকাই

Xi Jinping Reuters L

China Vice-President Xi Jinping stands during a trade agreement ceremony between the two countries at Dublin Castle in Dublin, Ireland February 19, 2012. REUTERS/David Moir (IRELAND - Tags: POLITICS BUSINESS HEADSHOT) - RTR2Y43M

বৃহস্পতিবাৰে পুনৰ চীনক সমালোচনাৰে থকা সৰকা কৰিলে আমেৰিকাই । মাৰ্কিন বিদেশ মন্ত্ৰী মাইক পম্পেই ৰঙা চীনক তীব্ৰ সমালোচনা কৰি কয় যে ভাৰত আৰু ভূটান অঞ্চলৰ মাজত সেনাৰ মৃত্যুত বিশ্বৰ কোন কোন দেশে এই আগ্ৰাসনৰ বিৰোধিতা কৰে সেয়া লক্ষ্য কৰিছে চীনে । চীনৰ প্ৰধানমন্ত্ৰী জিং পিংয়ে কৌশলেৰে লক্ষ্য কৰিছে যে বিশ্বৰ কোন কোন দেশে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ক্ষমতা পুহি ৰাখিছে ৷ অতীতৰে পৰা চীনে সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷

ইতিমধ্যে ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত প্ৰায় ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছে । একেটা সময়তে চীনে কেৱল ভাৰতৰ প্ৰতিয়ে নহয় ভূটানৰ প্ৰতিও আগ্ৰাসী মনোভাৱ দেখুৱাইছে ৷ আনহাতে চীনে চকটেঙ ওৱাইল্ড লাইফ অভয়াৰণ্যকো নিজৰ বুলি দাবী কৰিছে ৷ এই সকলো বোৰ তথ্যৰ উদ্ধৃতি দি মাইক পম্পেই কয় “আমি লক্ষ্য কৰিছো যে বহু দশকজুৰি চীনে এনে ধৰণৰ আচৰণ কৰি সমগ্ৰ বিশ্বক ব্যতিব্যস্ত কৰিছে ৷ প্ৰধানমন্ত্ৰী হিচাপে এইসমূহ কাৰ্য জিং পিঙৰ ইচ্ছাতে হৈছে ৷”

উল্লেখযোগ্য যে ১৯৬২ৰ অক্টোবৰত চীনা সেনাই গালৱান উপত্যকাত ভাৰতীয় বাহিনীৰ স’তে তীব্ৰ ৰণ পাছত তেওঁলোকে দাবী কৰা ১৯৬০ ৰ সীমা ৰেখাত গালৱান খণ্ডত উপস্থিত হৈছিল ৷ কে’বা দশক ধৰি ভাৰতীয় আৰু চীনা বাহিনীয়ে সেই স্থান টহল দি আছে ৷ চৰ্চা অনুসৰি ৯০ ৰ আৰম্ভণিতে নতুন দিল্লী আৰু বেইজিঙত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সন্দৰ্ভত আলোচনাৰ বাবে বৈঠকত মিলিত হওঁতে গালৱানৰ বিষয়ে আলোচনা হোৱা নাছিল । ইয়াৰ পাছত শেহতীয়াকৈ যোৱা ১৫ জুনত সেই অঞ্চলত দুয়োপক্ষৰ মাজত ৰক্তাক্ত সংঘৰ্ষ হয় ৷

১৫ জুনৰ সংঘৰ্ষত এজন বিষয়াসহ ২০ সেনাই প্ৰাণ হেৰুৱায় । গালৱানত চীনৰ অনুপ্ৰবেশ আৰু ভাৰতীয় ভূমিত তেওঁলোকে কৰি থকা ধাৰাবাহিক নিৰ্মাণ কাৰ্যই স্পষ্ট ইংগিত দিয়ে যে তৎকালীনভাৱে সেই অঞ্চল ত্যাগৰ পৰিকল্পনা চীনৰ নাই । পৰিৱৰ্তে চীনে গালৱানত অধিক সেনাৰ সমাবেশ ঘটাই অৱস্থান লৈছে।

Exit mobile version