বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুত আত্মহত্যাক লৈ বিহাৰৰ আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে ৷ বিহাৰ আৰক্ষী এই সমগ্ৰ ঘটনাৰ তদন্তৰ কাৰণে দুদিন পূৰ্বে মুম্বাইত উপস্থিত হয় । লগতে সুশান্তক একাউণ্টৰ পৰা ১৫ কোটি টকা নিৰুদ্দেশ হোৱা প্ৰসংগত তথ্য একত্ৰিত কৰে বিহাৰ আৰক্ষীয়ে । এক বিশেষ সূত্ৰৰ মতে এই বৃহৎ পৰিমাণৰ ধনৰ লেনদেনত এনফ’ৰ্চমেন্ট ডাইৰেক্ট’ৰেটৰও(ED) দৃষ্টি ৰাখিছে । ইডি য়ে এই সমগ্ৰ ঘটনা বিত্তীয় লেনদেন হিচাপে লৈ তদন্ত কৰিছে ।
ইপিনে ইডিয়ে সম্প্ৰতি সুশান্তৰ পিতৃয়ে বিহাৰত দাখিল কৰা গোচৰৰ সামূহিক তথ্য বিচাৰিছে । আনহাতে সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃয়ে মিলি দুটা কোম্পানী আৰম্ভ কৰিছিল । ৰিয়াৰ ভাতৃ আছিল কোম্পানীটোৰ সঞ্চালক । উল্লেখযোগ্য যে ২৫ জুলাইত সুশান্তৰ পিতৃয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পাটনা ৰাজীৱ নগৰ পুলিচ ষ্টেশ্যনত এখন এফআইআৰ দাখিল কৰে । এই এফআইআৰত ৰিয়া চক্ৰৱৰ্তী, পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তী, মাতৃ সন্ধ্যা চক্ৰৱৰ্তী, ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু দুজন মেনেজাৰৰ বিৰুদ্ধে গোচৰ দিছিল সুশান্তৰ পিতৃয়ে ৷
ইপিনে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল । আৰক্ষী সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি ক’লেও কিন্তু গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু লোকেই সম্প্ৰতি সুশান্তৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰিছিল ৷ অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত খাৰিজ কৰিছে লগতে দেশমুখৰ মন্তব্য যে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবলৈ মুম্বাইৰ আৰক্ষী সক্ষম ।
ইফালে দিল্লীৰ এজন অধিবক্তা ইস্ককৰণৰ মতে সুশান্তৰ মৃত্যুৰ পিছতে সংবাদমাধ্যমত অভিনেতা গৰাকীয়ে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ হয় । কিন্তু এইয়া হত্যা নে আত্মহত্যা ৷ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ আনহাতে সুশান্তৰ মৃত্যুত পিছত প্ৰকাশ পাইছিল যে অভিনেতাজনে ৫০ টা ছীম কাৰ্ড পৰিৱৰ্তন কৰিছিল ৷ গতিকে ইশকৰণে আৰক্ষী প্ৰশ্ন কৰে যে যদি এনেধৰণৰ কাৰ্য হৈছিল তেন্তে আৰক্ষীয়ে সেই ছীম কাৰ্ডসমূহ কিয় ছীল নকৰিলে?
উল্লেখযোগ্য যে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা কোনো চুইচাইড ন’ট উদ্ধাৰ কৰা নাই । যদি কোনো চুইচাইড ন’ট পালেহেঁতেন তেতিয়া সুশান্তৰ মৃত্যু তদন্তই দীঘলীয়া নহলহেঁতেন ৷ আনহাতে আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ পিছত কোনো ব্যক্তিগত শত্ৰু বা অন্য কিবা ঘটনা জৰিত হৈ আছে নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।