সুঁতিৰপাৰত শিশুৰ সলিল সমাধি

suicide representation

নগাওঁ জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সুঁতিৰপাৰৰ ওচৰত আজি বিয়লি প্ৰায় ৪ বজাত ব্ৰহ্মপুত্ৰৰ সুঁতিৰ পানীত পৰি এগৰাকী শিশুৰ সলিল সমাধি ঘটে। সলিল সমাধি ঘটা শিশুটি হ’ল সুঁতিৰপাৰৰ চিতলমাৰী পথাৰৰ পাৰবিনা ইয়াচমীন(৯)।

জানিব পৰা মতে নাৱেৰে নিজৰ ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলোৱাৰ সময়ত চুটিপাৰৰ মাথাউৰিৰ ওপৰত থকা এখন টমটম বাগৰি নাও খনত খুন্দা মৰাত  শিশুটো সহ তিনিজন লোক পানীত পৰি যায় যদিও আন কেইজন পাৰলৈ উঠি আহে যদিও শিশুটিৰ মৃত্যু হয় । পিছত আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে জুৰিয়াৰ এজন যুৱকে টমটম খন মাথাউৰিৰ ওপৰত ৰখাই নাৱেৰে চিতলমাৰী পথাৰত থকা পিতৃৰ ওচৰলৈ গৈছিল। ৰৈ থকা টমটম খন কেইজনমান ল’ৰা-ছোৱালীয়ে অগা-পিছা কৰি থকাৰ অৱস্থাত টমটমখন বাগৰি নাওখনত খুন্দা মাৰে।টমটম খন পানীত পৰি যায় যদিও আৰক্ষীয়ে বহু কষ্টৰে টমটমখন পাৰলৈ উঠাই আনিবলৈ সক্ষম হয়।

Exit mobile version