২৫ যৌনকৰ্মীৰ কন্যাৰ প্ৰতিপালনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিলে সাংসদ গৌতম গম্ভীৰে

GG 2

প্ৰাক্তন ক্ৰিকেটাৰ খেলুৱৈ তথা পূব দিল্লীৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে দিল্লীৰ যৌনকৰ্মীসকলৰ কন্যা সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে ৷ সাংসদ গম্ভীৰে দিল্লীৰ জি বি ৰোডৰ গণিকালয়ত জীৱন যাপন কৰা ২৫ গৰাকী যৌনকৰ্মীৰ কন্যাৰ শিক্ষা, স্বাস্থ্য আৰু ভৱিষ্যত জীৱনৰ সকলো প্ৰতি পালনৰ দায়িত্ব গ্ৰহণ কৰিলে ।

পংখ নামেৰে এক পদক্ষেপ গ্ৰহণৰ কথা ঘোষণাৰ কৰ সাংসদজনে প্ৰকাশ কৰা মতে প্ৰতিপালনৰ বাবে ইতিমধ্যে ১০ গৰাকী কন্যা সন্তানক নিৰ্বাচন কৰা হৈছে আৰু অচিৰে তেওঁৰ স্বেচ্ছাসেৱী সংস্থাটোৱে আন ১৫ গৰাকী কন্যাক নিৰ্বাচন কৰিব ৷

গম্ভীৰে যৌনকৰ্মীৰ সন্তানক নিৰাপদ আৰু নিশ্চিত ভৱিষ্যত প্ৰদানৰ প্ৰসংগ উত্থাপন কৰি কয় যে সমাজৰ প্ৰতিজন ব্যক্তিৰে সুস্থ জীৱন যাপনৰ অধিকাৰ আছে ৷ ইতিমধ্যে আমি ১০ গৰাকী কন্যাক নিৰ্বাচন কৰিছো ৷ তেওঁলোকে নতুন শিক্ষাবৰ্ষৰ পৰা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিব ৷ আমি তেওঁলোকৰ বিদ্যালয়ৰ মাচুল, ইউনিফৰ্ম, কিতাপ-পত্ৰ, অন্যান্য সা-সামগ্ৰী, খাদ্য আৰু স্বাস্থ্যৰ সম্পূৰ্ণ ব্যয় বহন কৰিম । তদুপৰি সময়ে সময়ে তেওঁলোকে বিভিন্ন দিহা পৰামৰ্শ দিয়া হ’ব যাতে তেওঁলোকে নিজকে এই সমাজৰ অংগ হিচাপে বুলি ভাবি জীৱনত অগ্ৰসৰ হ’ব পাৰে । এইদৰে কয় গম্ভীৰে ৷

Exit mobile version