সংঘাত তীব্রতৰ হৈছে কংগ্ৰেছত

Screenshot 4

কংগ্ৰেছৰ ভিতৰচ’ৰাত দ্বন্দ ক্ৰমাৎ তীব্রতৰ হৈছে । দিনকেইটাত দলীয় অন্তৰ্দ্বন্দই কংগ্ৰেছত প্ৰকাশ্য ৰূপ ধাৰণ কৰিছে । ইউ পি এ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল মনিষ তিৱাৰী । তেওঁ মুকলিকৈ প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছৰ ডুবন্ত নাৱৰ কাৰণ ইউ পি এ চৰকাৰৰ ব্যৰ্থতা নেকি সেয়া ফহিয়াই চোৱা উচিত । ইউ পি এ ত অন্তৰ্ঘাত হৈছিল নেকি সেয়াও বিতংভাৱে চোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে সাংসদজনে। লক্ষ্যণীয়ভাৱে একেই প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীৰ ঘনিষ্ঠ আন এজন সাংসদ ৰাজীৱ ছাটায়ে‌ ।

প্রাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ উপৰি গোলাম নবী আজাদ, পি চিদাম্বৰম, আনন্দ শৰ্মাৰ দৰে জ্যেষ্ঠ নেতাসকল তথা ইউ পি এ চৰকাৰৰ প্ৰভাৱশালী নেতাসকল উপস্থিত আছিল । দলীয় সূত্ৰত প্ৰকাশ যে মন্ত্ৰী হিচাপে তেওঁলোক ক’ত ব্যৰ্থ হৈছিল সেয়াও পৰ্যালোচনাৰ প্ৰয়োজন আছে বুলি ছাটায়ে মন্তব্য কৰে ।

কংগ্ৰেছ দলনেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিতে দলীয় সাংসদৰ সতে হোৱা শেহতীয়া বৈঠকত ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দলৰ তৰুণ নেতাসকলৰ নেতৃত্বৰ কঠোৰ সমালোচনাত মুখৰ হৈ পৰে । দলৰ দ্ৰুত স্থলনৰ বাবে ইউ পি এৰ কাৰ্যকালৰ শেহতীয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰকে এইসকলে দোষাৰোপ কৰে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° সিঙৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু ৰাহুল গান্ধী বিগ্ৰেডৰ সদস্যসকলে দুটা ফৈদত বিভক্ত হয়। ২০১৪ চনত সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছৰে পৰা দলৰ আভ্যন্তৰত সৃষ্টি হোৱা বিভাজন এই চৰকাৰে দোষমূৰ পাতি লোৱা উচিত। কংগ্ৰেছৰ ভিতৰচৰাৰ এনে বাদ-বিবাদৰ পাছত বিশেষকৈ তৰুণ প্ৰজন্মৰ সমালোচনাৰ পাছত দলৰ একাংশই ড° সিঙৰ পক্ষত থিয় দিবলৈ টুইটাৰৰ আশ্ৰয় লয় ।

আনন্দ শর্মা, শশী থাৰু, মনিষ তিৱাৰী, মিলিন্দ দেউৰা আদিৰ দৰে ড° সিঙৰ মন্ত্ৰীসভাৰ সদস্যসকল তেওঁলোকৰ সুৰক্ষাত নামি পৰে । তেওঁৰ বিৰুদ্ধে কৰা সমালোচনা তথ্য ভিত্তিত নহয় আৰু উদ্দেশ্যেপ্ৰণোদিত বুলি কয় । ১০ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ দীঘল তালিকা টুইটাৰত প্ৰকাশ কৰে আনন্দ শর্মাই । তদুপৰি এই কাৰ্যকাল কিদৰে বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ল তথা বিজেপিৰ বিদ্বেষপূৰ্ণ অসত্য প্ৰচাৰৰ গ্ৰাসত পৰিলে সেয়াও স্পষ্ট কৰে। শেহতীয়াভাৱে এইদৰে কংগ্ৰেছৰ আভ্যন্তৰত সৃষ্টি হোৱা বিবাদ ক্ৰমাৎ প্ৰকট হোৱাত ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

Exit mobile version