২ আগষ্টৰ পৰা মহানগৰীত তলাবন্ধৰ ক্ষেত্ৰত শিথিল হোৱা কিছু নিৰ্দেশনা

Lockdown

■ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ পথৰ কাষৰ যিকোনো এফালেহে দোকান খুলিব পাৰিব।
■ ৰেষ্টুৰেণ্ট আৰু অন্যান্য হস্পিতালৰ সেৱাসমূহ শনিবাৰ আৰু দেওবাৰৰ বাদে সামাজিক দূৰত্ব মানি চলি খুলিবলৈ নিৰ্দেশ দিয়া হৈছে।
■ ক’ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে কঠোৰ নিয়মাৱলীৰ মাজেৰে হোটেলসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।
■ আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত কেৱল সোমবাৰ আৰু মঙলবাৰে নিৰ্দেশ দিয়া হৈছে।
■ চিনেমা হ’ল, ছুইমিং পুল, পার্ক, বাৰ ইত্যাদি বহু লোকৰ সমাগম ঘটিব পৰা ঠাইসমূহ বন্ধ থাকিব।

■ সামাজিক, ৰাজনৈতিক, বিনোদন, ধৰ্মীয় ইত্যাদি সভা অনুষ্ঠিত কৰিব নোৱাৰিব।
■ সকলো ধৰণৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কাৰ্যালয়সমূহ যেনে বেংক, প্ৰতিষ্ঠান আদিত এশ শতাংশ কৰ্মচাৰীৰে কাম-কাজ চলাব পাৰিব। অন্যহাতে, গৰ্ভৱতী মহিলাই এইক্ষেত্ৰত ৰেহাই পাব।
■ কোনো ধৰণৰ ই-পাছ বা বিশেষ অনুমতিৰ ব্যৱস্থা আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
■ ৬৫ বছৰৰ ঊৰ্দ্ধৰ আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
■ সামাজিক স্থান, কৰ্মক্ষেত্ৰত মাস্ক পৰিধান নকৰিলে ১০০০ টকাকৈ জৰিমনা ভৰিব লাগিব ।

Exit mobile version