অমিত শ্বাহ ইন বচ্চন আউটঃ পুনৰ কৰ’নাত আক্ৰান্ত অভিষেক বচ্চন

Bachchan 201805071 571 855

দেশত কৰ’না আক্ৰান্তৰ সংখ্যাই ১৭ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ বিগত ২৪ ঘন্টাত প্ৰায় ৫৫ হেজাৰ লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’নাত ৷ শেহতীয়াকৈ দেশৰ ৰথী মহাৰথীকো এৰি দিয়া নাই কৰ’নাই ৷ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে অৱশেষত কৰ’নাৰ কবলৰ পৰা ৰক্ষা পালেও ভাইৰাছে এইবাৰ স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ কৰিলে ৷ সেইদৰে ক’ভিড-১৯ৰ সংগ্ৰামত হাৰ মানি চিৰবিদায় ল’লে উত্তৰ প্ৰদেশৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে ৷

সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰে বলীউড ছবিজগতৰ জীৱন্ত কিংবদন্তী বচ্চন আৰু গৃহমন্ত্ৰী শ্বাহৰ মিশ্ৰিত ক’ভিড ফলাফলে । সুদীৰ্ঘ ২৩ দিন চিকিৎসাধীন হৈ থকাৰ পাছত মুম্বাইৰ এখন চিকিৎসালয়ৰ পৰা মুকলি হয় বলীউডৰ “বিগ বি” ৷ তেওঁৰ অভিনেতা পুত্ৰ অভিষেক বচ্চনে টুইট যোগে ঘোষণা কৰে । ইয়াৰ পিছত অমিত শ্বাহে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ কথা কয় । ফলত গৃহমন্ত্ৰীজনে কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি হয় ৷ অৱশ্যে তেওঁৰ অৱস্থা ভালে থকা বুলি জনাইছে শ্বাহে ।

উল্লেখযোগ্য যে দুদিনৰ পূৰ্বে কেবিনেট বৈঠকত অংশ লৈছিল শ্বাহে । এক সূত্ৰই জনাইছে যে তেওঁৰ সংস্পৰ্শলৈ অহা সকলক চিহ্নিত কৰি চেল্ফ আইছ’লেছনৰ ব্যৱস্থা কৰা হ’ব  ৷ ইপিনে প্ৰবীন অভিনেতা অমিতাভ বচ্চনৰ ক’ভিড-১৯ ফলাফল নিগেটিভ অহাৰ লগে লগে তেওঁক মুম্বাইৰ নানৱতী হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয় । ৭৭ বছৰীয়া এই অভিনেতাজনে টুইটাৰ যোগে কৰ’নাত আক্ৰান্ত হোৱা কথা সদৰী কৰিছিল ।

ইয়াৰ পিছতে তেওঁৰ পুত্ৰ অভিষেক বচ্চনো কৰ’নাত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পাছত অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনো আক্ৰান্ত হয় কৰ’নাত ৷ কিন্তু জয়া বচ্চনৰ ফলাফল নিগেটিভ আহে। প্ৰথমে ঐশ্বৰ্য আৰু আৰাধ্যা সুস্থ হৈ ঘৰলৈ যায় ৷ ইয়াৰ পিছত অমিতাভ বচ্চন সুস্থ হোৱাৰ কথা সদৰী কৰে পুত্ৰ অভিষেক বচ্চনে ৷

টুইটত অভিষেকে কয় “সৌভাগ্যক্ৰমে মোৰ পিতৃৰ শেহতীয়া ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে আৰু তেওঁক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে ৷ তেওঁ সম্প্ৰতি ঘৰতে বিশ্ৰাম লৈ আছে । তেওঁৰ বাবে প্ৰাৰ্থনা আৰু শুভকামনাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ । লক্ষ্যণীয়ভাৱে ইয়াৰ কিছু সময়ৰ পাছতে আন এক টুইট কৰি অভিষেক জনায় যে তেওঁৰ পুনৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে । টুইটত অভিষেকে কয় “অবাঞ্চিতভাৱে কিছু সমস্যাৰ বাবে মই পুনৰ কৰ’নাত আক্ৰান্ত হৈছো আৰু এতিয়া হাস্পতালত আছো । মোৰ পৰিয়ালৰ বাবে অব্যাহত ৰখা প্ৰাৰ্থনা আৰু শুভকামনাৰ বাবে আপোনালোকক পুনৰ ধন্যবাদ ৷ মই ইয়াক পৰাভূত কৰিম আৰু সুস্থৰূপত উভতি আহিম । অংগীকাৰ কৰিছো । এই বিৰাট ব্যক্তিত্বৰ মিশ্ৰিত ফলাফল মাজতে ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই উত্তৰ প্ৰদেশৰ এগৰাকী মন্ত্ৰী কমলাৰাণী বৰুণে ৷”

এই সন্দৰ্ভত এছজিপিজিআইৰ সঞ্চালক ৰাধাকৃষ্ণ ধীমানে কয় “হাওঁফাওঁত সংক্ৰমণৰ বাবে মন্ত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা অৱনতি ঘটিবলৈ ধৰে ৷ তেওঁক জীৱনদায়িনী অৱস্থাত ৰখা হৈছিল । আমাৰ যাৱতীয় প্ৰচেষ্টা সত্ত্বেও তেওঁৰ মৃত্যু হয় । কেবিনেট মন্ত্ৰীগৰাকীৰ মৃত্যুৰ লগে লগে মুখ্যমন্ত্ৰী আদিত্যনাথে অযোধ্যা যাত্ৰা বাতিল কৰে ।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিঙৰ শৰীৰতো কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ সেইদৰে অসমৰ প্ৰাক্তন ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতৰ ক’ভি পৰীক্ষাৰ ফলাফল পজিটিভ আহে ৷ বৰ্তমান তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্বত থকা পুৰোহিতক সম্প্ৰতি নিজৰ চৰকাৰী আবাসতে আইছ’লেছনত ৰখা হৈছে ৷

ইপিনে ৰাজভৱনৰ ৮৭ জন কৰ্মচাৰীৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ বাবেই পুৰোহিতক পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়া হয় । তেওঁৰ শৰীৰত মৃদু উপসৰ্গ থকা বুলি হাস্পতাল সূত্ৰই জনাইছে । আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএচ য়েডিয়ুৰাপ্পাৰ শৰীৰতো ক’ভিড-১৯ পজিটিভ আহে লগতে তেওঁৰ কন্যা দেহতো কৰ’না পজিটিভ আক্ৰান্ত হৈছে ৷ দুয়ো গৰাকী সম্প্ৰতি চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছে ৷

Exit mobile version