অসমৰ শিল্পীৰ হাতত ৰামৰ জীৱন পৰিক্ৰমা বন্তিৰ আভাত মোহিনী ৰূপ ৰাম জন্মভূমিৰ

Screenshot 7

অহা পাঁচ আগষ্টত বহু প্ৰত্যাশিত ৰামমন্দিৰৰ ভূমি পূজনৰ লগতে শিলন্যাস স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইয়াকে লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিবেশ ৷ লক্ষাধিক মাটিৰ চাকি আৰু বিজুলীবাতিৰ আলোকসজ্জাৰে যেন মোহিনী ৰূপ ধাৰণ কৰিছে সমগ্ৰ অযোধ্যাই । চৌদিশে প্ৰস্তুতিৰ খদমদম ৷ ভূমিপূজনৰ সময়ত ৰামমন্দিৰক দিয়াৰ বাবে প্ৰায় ১৬০ খন নদী আৰু সাগৰৰ পানী আৰু শ্ৰীলংকাৰ মাটি লৈ অযোধ্যাত উপস্থিত হৈছে দুজন সত্তৰোৰ্ধৰ ভ্ৰাতৃ ।

এনে অপাৰ ব্যস্ততাৰ মাজতে সম্প্ৰতি অযোধ্যাত দৃষ্টি আকৰ্ষণ কৰিছে এজন অসম সন্তানে ৷ ৰামভক্তসকলৰ সপোনৰ ৰামমন্দিৰত এই ভাস্কৰ্যশিল্পীজনৰ নিপুণ হাতৰ পৰশতে জীৱন্ত ৰূপ লাভ কৰিব ভগৱান শ্ৰী ৰামৰ জীৱন পৰিক্ৰমাই । ৰঞ্জিত মণ্ডল এই প্ৰতিভাৱান ভাস্কৰ্যশিল্পীজন সম্প্ৰতি ব্যস্ত হৈ আছে ৰামচন্দ্ৰৰ শৈশৱৰ পৰা ৰাজ অভিষেক পৰ্যন্ত বিভন্ন বিশেষ মূহুৰ্তৰ ভাস্কৰ্য নিৰ্মাণত । শিলচৰৰ নিৱাসী মণ্ডলে ২০১৩ ৰ পৰাই এই কাৰ্যত নিমগ্ন হৈ আছে ।

মণ্ডলে জনোৱা মতে, ১৯৯৭ ত বিশ্ব হিন্দু পৰিষদৰ প্ৰয়াত নেতা আশোক সিংঘলে তেওঁক অযোধ্যালৈ আনে ৷ পঞ্চম শ্ৰেণীত পঢ়াৰে পৰা মূৰ্তি গঢ়া কাম শিকিবলৈ লোৱা লোকজনে ২০১৩ৰ পৰা ৰামচন্দ্ৰৰ জীৱনৰ ভিত্তিত মূৰ্তি গঢ়িবলৈ আৰম্ভ কৰে । মণ্ডলে কয় তেওঁৰ এই সৃষ্টিৰ নাম ৰখা হৈছে ৰাম কথা কুঞ্জ ৷ এই ৰাম কথা কুঞ্জত থাকিব ১২৫ টা খণ্ড ৷ প্ৰতিটো খণ্ডত আছে ভগৱানৰ ৰামৰ শৈশৱৰ পৰা আৰম্ভ কৰি ৰাৱনবধৰ পাছত অযোধ্যালৈ উভতি আহি ৰাজ অভিষেক ঘটোৱা একো একোটা পৰ্ব ৷

একোটা খণ্ড তৈয়াৰ কৰোতে সময় লাগিছিল তিনিমাহৰ ৷ এই পৰ্যন্ত সীতা হৰণ পৰ্বলৈকে হোৱাৰ কথা কৈ মণ্ডলে কয় “সম্প্ৰতি মসৃণগতিৰে কাম চলি আছে ৷ তলাবন্ধৰ পাছতো পূৰ্ণ গতিৰে কাম চলিব ৷ এই মূৰ্তিসমূহ বংগ আৰু উত্তৰ প্ৰদেশ শৈলীৰ মিশ্ৰণ ৷ মূৰ্তিৰ পোচাক বংগৰ শৈলীৰ আৰু মূৰ্তিৰ শৰীৰ উত্তৰ প্ৰদেশৰ আৰ্হিৰে তৈয়াৰ কৰা হৈছে ৷”

উল্লেখযোগ্য যে ২০১৫ ৰ পৰা শিল্পীজনৰ পিতৃ নাৰায়ণ চন্দ্ৰ মণ্ডলে পুত্ৰৰ এই কাৰ্যত সহযোগী হিছাপে কাম কৰি আহিছে ৷ আনহাতে অযোধ্যা নগৰখন সম্প্ৰতি আলোকেৰে উদ্ভাসিত হৈ পৰিছে । ইতিমধ্যে হেজাৰ হেজাৰ মাটিৰ চাকি আৰু বিজুলীবাতি আলোকসজ্জাৰে অযোধ্যাৰ বিভিন্ন অঞ্চল মনোমোহা হৈ পৰিছে ।

স্থানীয় প্ৰশাসনৰ সূত্ৰই জনাইছে যে ইয়াৰ বাবে এক লাখ ২৫ হেজাৰ মাটিৰ চাকি সংগ্ৰহ কৰা হৈছে  ৷ ইয়াৰ মাজতে ১৫০ খন নদী, তিনিখন নদী, তিনিখন সাগৰৰ পানী আৰু শ্ৰীলংকাৰ ১৬ টা স্থানৰ মাটি লৈ অযোধ্যাত উপস্থিত হৈছে দুজন সত্তৰোৰ্ধৰ ভ্ৰাতৃ ৷ ৰামচন্দ্ৰই ভৰি দিয়া বুলি ধাৰণ কৰা শ্ৰীলংকাৰ ১৬ টা স্থানৰ মাটি সংগ্ৰহ কৰাৰ উপৰি তেওঁলোকে ১৫১ খন সৰু নদী, আঠখন ডাঙৰ নদী আৰু তিনিখন সাগৰৰ পানী সংগ্ৰহ কৰিছে ।

১৯৬৮ ৰ পৰাই ৰাধেশ্যাম পাণ্ডে আৰু শব্দ বৈজ্ঞানিক মহাকবি ত্ৰিফলাই এই কাম অব্যাহত ৰাখিছিল ৷ অন্যতম ভ্ৰাতৃ পাণ্ডেই কয় যে ৰামমন্দিৰ নিৰ্মাণৰ কাম যেতিয়াই আৰম্ভ হ’ব ৷ তেতিয়াই দেশৰ নদীসমূহৰ পবিত্ৰ পানী আৰু শ্ৰীলংকাৰ মাটি আনি দিয়াৰ সপোন তেওঁ পুহি ৰাখিছিল ৷ ১৯৬৮ ৰ পৰা ২০১৯ পৰ্যন্ত মই খোজকাঢ়ি, চাইকেলত, মটৰচাইকেলত, ৰেলত আৰু বিমানেৰে গৈ এইবোৰ বস্তু সংগ্ৰহ কৰিছিলো ৷ নদীৰ পানী মই ৰামজীৰ জন্মস্থানত উপহাৰ দিব বিচাৰিছিলো ৷ শ্ৰীৰামৰ আশিসত এই লক্ষ্যত উপনীত হ’ব পাৰিছো । তেওঁ এইদৰে কয় ৷

Exit mobile version