টিকটকক উদ্ধাৰৰ কাৰণে চেষ্টাঃ ড’নাল্ড ট্ৰাম্পৰে মতবিনিময় সত্যা নাডেলাৰ

tiktok

1133793996

ভাৰত চীন সীমান্তৰ সংঘৰ্ষৰ পিছত ভাৰত চৰকাৰে চীনৰ বহু এপ বন্ধ কৰাৰ সমান্তৰালকৈ দেশৰ পৰা বহিস্কাৰ কৰিছিল যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় টিকটক । ইয়াৰ পিছতে সোমবাৰে মাইক্ৰচফ্টৰ চিইঅ’ সত্যা নেডলাই টিকটক ক্ৰয়ৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগত মত বিনিময় কৰে । লগতে ট্ৰাম্প আৰু নাডেলাই কেনেদৰে টিকটকক পুনৰুদ্ধাৰ কৰিব পাৰি এই সন্দৰ্ভত মত বিনিময় কৰে ৷

ADVERTISEMENT

ইপিনে মাইক্ৰচ’ফ্টে দেওবাৰে এটা ব্ল’গ প’ষ্টৰ জৰিয়তে কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত টিকটকক ক্ৰয়ৰ সন্দৰ্ভত মতবিনিময় কৰিব। লগতে এই সন্দৰ্ভত ১৫ ছেপ্টেম্বৰৰ পিছত সিদ্ধান্ত লোৱাৰ আশা প্ৰকাশ কৰিব পাৰি ৷ ভাৰত চীনৰ সম্পৰ্কৰ মাজতে টিক টক বন্ধ কৰাৰ পিছতে আমেৰিকাৰ ৰাজনৈতিক নেতাসকল চিন্তিত হৈ পৰিছিল ৷ কাৰণ আমেৰিকাৰ প্ৰায় সংখ্যক লোকে টিকটক ডাউনলোড কৰিছিল ৷

সম্প্ৰতি আমেৰিকাই যদিহে টিকটক ক্ৰয় কৰে তেন্তে দেশখনৰ উদ্যোগিক ক্ষেত্ৰলৈ যথেষ্ট পৰিৱৰ্তন আহিব ৷ অৱশ্যে মাইক্ৰচফ্ট এতিয়াও ট্ৰাম্পৰ টিকটকৰ সিদ্ধান্তৰ বিষয়ে একো মন্তব্য দিয়া নাই । লগতে হুৱাইট হাউচেও এই বিষয়ে কোনো প্ৰতিক্ৰিয়া দিয়া নাই । টিকটকৰ মুখ্য বিষয়াই কয় যে বায়’টেন্স সকলো আইন কানুন মানি চলিবলৈ সাজু আছে ৷ উল্লেখযোগ্য যে টিকটকে চলিত বৰ্ষত প্ৰায় ১০০০ লোকক নিযুক্তি দিছে ৷

আনহাতে ভাৰত চীন সীমান্ত সংঘৰ্ষৰ পিছতে চীনৰ বহু এপ ভাৰতত নিষিদ্ধ কৰা হৈছিল ৷ শেহতীয়াকৈ চীনৰ কালাৰ টিভি নিষিদ্ধ কৰিছে ভাৰতে ৷ আনহাত বিগত কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশখনতো টিকটিক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল । অৱশ্যে সম্প্ৰতি ট্ৰাম্পে টিকটকৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

Exit mobile version