ডুমুনীত নিৰ্বাচনী হিংসা

general elections 2019 g 660 102219031127

বিটিচি নিৰ্বাচন স্থগিত থকাৰ সময়তো গোপনে নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীয়ে প্ৰচাৰ কাৰ্য চলাইছে ৷ ইয়াৰ মাজতে দেওবাৰে বিয়লি ডুমুনীত সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰীক হিংসা ৷ বাক্সা জিলাৰ অন্তৰ্গত ২৩ নং দিহিৰা সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ঘনশ্যাম দাসে ডুমুনী চাহ বাগান এলেকাৰ পিংকী নায়ক নামৰ এগৰাকী মহিলাৰ ঘৰত এদল মহিলাৰ সৈতে নিৰ্বাচন সম্পৰ্কীয় কথা-বতৰা পাতি থাকোতে প্ৰাক্তন বিৰচা কমাণ্ডো ফোৰ্চৰ কেইগৰাকীমান সদস্যই পিংকী নায়ক নামৰ মহিলাগৰাকীৰ লগতে প্ৰাৰ্থী ঘনশ্যাম দাসক দাবী-ধমকি দি প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৷

এই লৈ দুয়োপক্ষৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু সুযোগ বুজি বীৰচা কমাণ্ডো ফোৰ্চৰ প্ৰাক্তন সদস্যকেইজনে ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷ ইফালে ঘটনাৰ খবৰ পাই সন্ধিয়া কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ঘটনাস্থলীত উপস্থিত হৈ এই অবাঞ্চিত ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ দিয়া হ’ব বুলি প্ৰকাশ কৰে ৷ তেওঁ কয় যে সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী কনচ্টেনটাইন তিৰ্কীৰ উচতনিত বীৰচা কমাণ্ডো ফোৰ্চৰ সদস্যসকলে এই কাৰ্য সংঘটিত কৰে ৷

সমষ্টিটোত বিজেপি দলৰ কোনো গণভিত্তি নোহোৱা বাবে প্ৰাৰ্থী কনচ্টেনটাইন তিৰ্কী শংকিত হৈ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে আৰু জয়ী হ’ব লগা প্ৰাৰ্থীক ভয় ভাবুকি দেখুৱাইছে ৷ ইফালে প্ৰাৰ্থী ঘনশ্যাম দাসে ঘটনা সন্দৰ্ভত ডুমুনী আৰক্ষী চকীত আজি এজাহাৰ দাখিল কৰি ঘটনাৰ ন্যায় বিচাৰিছে ৷ তেওঁ কয় যে ভয়-ভাবুকিৰে কনচ্টেনটাইন তিৰ্কীয়ে ভোটাৰৰ মন জয় কৰিব নোৱাৰে ৷

Exit mobile version