দেশৰ ভিতৰতে সৰ্বাধিক বয়সস্থ মহিলা সুস্থ হ’ল কৰ’নাৰ পৰা

Screenshot 9

সাধাৰণতে বয়সীয়াল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম । বয়স বঢ়াৰ লগে লগে তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায় । কৰ’না ভাইৰাছৰ ক্ষেত্ৰত সৰ্বাধিক বিপজ্জনক বয়সস্থ লোকৰ ক্ষেত্ৰত । কিন্তু তাৰ মাজতে বহু বয়সস্থ লোক কৰ’নাৰ পৰা আৰোগ্য লাভ হৈছে । কিন্ত দেশৰ ভিতৰতে এগৰাকী সৰ্বাধিক বয়সস্থ মহিলা কৰ’নাৰ পৰা সুস্থ হোৱা ঘটনাই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে । মহিলা গৰাকী বয়স ১১০ বছৰ ।

কৰ্ণাটকৰ ছিদ্দাম্মা নামৰ এই মহিলা গৰাকী দেশৰ ভিতৰতে সৰ্বাধিক বয়সস্থ আক্ৰান্ত বুলি ধাৰণা কৰা হৈছে । যোৱা ২৭ জুলাইত বৃদ্ধা গৰাকীৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ ধৰা পৰিছিল । তেওঁক ৰাজ্যখনৰ চিত্ৰদুৰ্গাস্থিত ক’ভিড হাস্পতালত ভৰ্তি কৰা হয় । কিন্তু হাস্পতালত ভৰ্তি কৰোৱা মাত্ৰ ছদিনৰ ভিতৰতে সুস্থ হৈ উঠে ছিদ্দাম্মা । ছিদ্দাম্মাৰ সুস্থতাত উৎফুল্লিত হৈ উঠে তেওঁক চিকিৎসা কৰা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল । চিকিৎসালয়ৰ পৰা ঘৰ অভিমুখে যোৱাৰ সময়ত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলে উষ্ম শুভেচ্ছা জনাই ছিদ্দাম্মাক ।

ছিদ্দাম্মাৰ আৰোগ্যৰ সন্দৰ্ভত চিত্ৰদূর্গাৰ জিলা চিকিৎসা বিষয়া বাছৱাৰাজুই কয়, ‘মই যিমান দূৰ জানো ১১০ বছৰীয়া এগৰাকী মহিলা কৰ’না ভাইৰাছৰ পৰা মুক্ত হোৱাটোৱে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে । এনে সফলতাই চিকিৎসাৰ লগত জড়িত সকলৰো মনোবল বৃদ্ধি কৰিছে ।’

Exit mobile version