পাণ্ডু সদিলাপুৰত প্রথমগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত পাণ্ডু সদিলাপুৰৰ প্রথমজন ক’ভিড আক্ৰান্ত ৰোগীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২ আগষ্টত মৃত্যু হয়। প্ৰাপ্ত তথ্য মতে পাণ্ডু সদিলাপুৰ নিবাসী তথা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত ৰেলৱে সুৰক্ষা বাহিনীত কৰ্মৰত তিলক দাস (৫০) দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত ভুগি আছিল ।

দহদিন মান পূৰ্বে তেওঁৰ ক’ভিড জনিত ৰোগৰ লক্ষণ দেখা দিয়াত স্বাব পৰীক্ষা কৰা হৈছিল । পৰীক্ষাৰ ফলাফল পজিটিভ অহাত তেঁওক জি এম চি এইছ ত ভৰ্তি কৰোৱা হৈছিল । জালুকবাৰী অঞ্চলৰ পাণ্ডু সদিলাপুৰত এইটোৱেই ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথম ঘটনা । এই পৰ্যন্ত পাণ্ডু – সদিলাপুৰত বিগত প্ৰায় ডেৰ মাহত এতিয়ালৈ ১৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ।

Exit mobile version