প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

sushant

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত সম্প্ৰতি মুম্বাই আৰু বিহাৰ পুলিছ সমুখ সমৰত লিপ্ত হৈছে ৷ দেওবাৰে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবৰ কাৰণে মুম্বাইত উপস্থিত হোৱা পাটনাৰ এছপি বিনয় তিৱাৰীক বিএমচিয়ে কোৱাৰেন্টাইন কৰে । লগতে বিনয় তিৱাৰীৰ হাতত কোৱাৰেন্টাইনৰ মোহৰো লগাই দিয়ে বিএমচিয়ে ৷ অৰ্থাৎ এতিয়া কোৱাৰেন্টাইনত থকা সময়ত অভিনেতাজনৰ তদন্তৰ খাতিৰত কাৰো লগত সাক্ষাৎ হ’ব নোৱাৰিব এছ পি বিনয় তিৱাৰী ৷

সম্প্ৰতি বিএমচিৰ এই কাৰ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লোকসকলৰ মাজত ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ” এইয়া ভাল কথা হোৱা নাই । সুশান্তৰ আত্মহত্যাৰ ঘটনাক ৰাজনীতিৰ লগত জড়িত কৰোৱাতো দুৰ্ভাগ্যজনক ৷”

আনহাতে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই টুইটাৰ যোগে কয় “আইপিএচ বিনয় তিৱাৰীৰ তত্ত্বাৱধানত আৰক্ষীৰ এটা দল অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত কৰিবৰ কাৰণে মুম্বাইত উপস্থিত হয় ৷ কিন্তু বিনয় তিৱাৰীক ৰাতি ১১ বজাত জবৰদস্তি কোৱাৰেন্টাইন কৰে বিএমচিয়ে । লগতে বিনয় তিৱাৰীক আইপিএছ কোৱাৰ্টাৰৰ বিপৰীতে গেষ্ট হাউচত কোৱাৰেন্টাইন কৰে । মই এই বিষয়ে মহাৰাষ্ট্ৰৰ ডিজিপিৰ লগত মতবিনিময় কৰিম ।”

ইফালে বিহাৰ আৰক্ষীৰ অভিযোগক খণ্ডন কৰি বিএমচিয়ে কয় “আমি চৰকাৰী আদেশ পালন কৰিছো ৷ নিয়ম অনুসৰি তিৱাৰীক কোৱাৰেন্টাইন কৰা হৈছে ৷ যদি বিনয় তিৱাৰীৰ শৰীৰত কৰ’না লক্ষণ ওলাই তেন্তে তেওঁক পৰীক্ষা কৰা হ’ব ৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেশৰ যিকোনো প্ৰান্তৰ পৰা অহা লোকক কোৱাৰেন্টাইন কৰা হ’ব ৷ গতিকে বিনয় তিৱাৰীৰ লগতো সেই একেই নিয়ম প্ৰযোজ্য কৰা হৈছে ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই এক ব্যক্তিগত সংবাদ মাধ্যমত ৰিয়া চক্ৰৰ্ৱতীক তিনি চাৰিদিনৰ পৰা বিচাৰি থকাৰ কথা সদৰী কৰিছিল । ৰিয়াৰ ফ’ন বন্ধ বুলিও কোৱাৰ লগতে ৰিয়াক আৱেগিক ভিডিঅ’ আপলোড কৰিলে কোনো কামত নাহে বুলিও কটাক্ষ কৰিছিল ৷ যদি ৰিয়া সত্য তেনেহলে পুলিচৰ লগত আহি সহযোগ কৰিবলৈ আহ্বান কৰিছিল   ৷

Exit mobile version