বিশ্বব্ৰহ্মাণ্ডত বিচৰণ কৰিছে আলোকোজ্জ্বল পখিলাই

Screenshot 11

এলানি সুবিশাল পখিলা। তীব্ৰ নীলা আৰু বেঙুনীয়া ৰঙৰ সমাহাৰ ।এনে এক বিৰল দৃশ্য ধৰা পৰিছে জ্যোতিৰ্বিজ্ঞানীৰ টেলিস্কোপত।মেঘমুক্ত আকাশত সৌৰজগতৰ হাতীপটীতে জ্যোতিৰ্বিজ্ঞানী সকলে আলোকোজ্জ্বল এটা পখিলাৰ দৰে আকৃতিৰ এটা বস্তু টেলিস্কোপৰ সহায়ত দেখা পায় । ইউৰোপীয় ছাউদাৰ্ণ অবজাৰভেটৰী টেলিস্কোপত এই অতি সুন্দৰ দৃশ্য ধৰা পৰিছে । এই অনন্ত ৰহস্যৰ বিষয়ে জানিবলৈ জাৰ্মানীস্থিত সংস্থাটোৱে ফ্ৰান্সৰ চিলে অঞ্চলত চাৰিটা ৮.২মিটাৰ দৈর্ঘৰ বিয়াগোম টেলিস্কোপ স্থাপন কৰিছিল।

চালে চকু ৰোৱা এই দৃশ্য ইএছঅ’ৰ বিজ্ঞানীসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে । আচলতে সুতীব্র পোহৰ আৰু বিয়াগোম ‘পখিলা’টো আচলতে নীহাৰিকাসমূহৰ মাজত থকা মৃত নক্ষত্ৰৰ পৰা নিৰ্গত হোৱা হিলিয়াম , হাইড্ৰ’জেনৰ দৰে বিভিন্ন গেছৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা আলোকপিণ্ড ।পখিলা আকাৰত সৃষ্টি কৰা ৰং আচলতে অতি নীলা আৰু বেঙুনীয়া ৰঙৰ মেঘহে ।

এই পখিলা হৈছে নেবুলা নামৰ এটা মৃত তৰা । এই বিয়াগোম নক্ষত্ৰটোক ‘এনজিচি ২৮৯৯’ বুলিও জনা যায় । পৃথিৱীৰ পৰা প্ৰায় ছহেজাৰ পাঁচশ আলোকবৰ্ষ দূৰত অৱস্থিত হাতীপটীৰ মাজৰ এনে তাৰকাৰ সন্ধান পূৰ্বে কেতিয়াও পোৱা নাছিল বুলিও বিজ্ঞানীসকলে জনাইছে ।

Exit mobile version